Local, Vocal, Global

পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি, ২৫০ টকাকৈ বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য

নিউজ ডেস্ক, ১ এপ্ৰিল : মূল্য বৃদ্ধিৰ সোঁতে মাধমাৰ সোধাইছে সৰ্বসাধাৰণক। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম । চৰকাৰী তেল কোম্পানীসমূহে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে । ১ এপ্ৰিলৰ পৰা এলপিজি চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰিছে তেল কোম্পানীসমূহে ।

উল্লেখযোগ্য যে, ১০ দিন পূৰ্বে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি কৰা হৈছিল আৰু সেইসময়ত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম কিছু পৰিমাণে হ্ৰাস পাইছিল। কিন্তু ১ এপ্ৰিলত পুনৰ ২৫০ টকাকৈ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।

পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি, ২৫০ টকাকৈ বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য

নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ পিছত দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ দাম এতিয়া ২২৫৩ টকা হৈছে । মুম্বাইত এতিয়া কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২২০৫ টকা লৈ বৃদ্ধি হৈছে। কলকাতাত ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰ ২৩৫১ টকা হৈছে । চেন্নাইত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২১৩৮ টকাৰ সলনি ২৪০৬ টকা লৈ বৃদ্ধি ।

আনহাতে, এনেদৰেই দেশৰ আন মহানগৰসমূহতো বৃদ্ধি হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।