Local, Vocal, Global

আপোনাৰ ৰাশি কি ? আজিৰ দিনটো কেনেকুৱা হ’ব

মেষঃ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব। টকা-পইচাৰ অভাৱ দূৰ হ’ব। কু-গ্ৰহৰ প্ৰভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭৷

বৃষঃ আর্থিক ক্ষতিৰ যোগ আছে। সামান্য কথাতে কাজিয়া হ’ব পাৰে। কোনো ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব। হাতৰ পৰা বস্তু হেৰাব পাৰে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯।

মিথুনঃ এই ৰাশিৰ জাতকৰ আজি শুভ দিন। যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে, নিজৰ ভুলে ক্ষতি কৰিব। আনক উপদেশ দি নিজে সমস্যাত পৰিব। শিক্ষার্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

কর্কটঃ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আর্থিক অনটন দূৰ হ’ব। পাবলৈ থকা ধন হাতলৈ আহিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

সিংহঃ যান-বাহন দুর্ঘটনাত পতিত হ’ব পাৰে। শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব। বিশেষ ভাল খবৰ পাব। ব্যৱসায়ত লোকচান হ’ব পাৰে। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩।

কন্যাঃ কর্মস্থান পৰিৱর্তন হ’ব পাৰে। পাৰিবাৰিক কন্দল হ’ব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতিহ’ব পাৰে। শিক্ষার্থীৰ শুভ ফলপ্ৰাপ্তিৰ যোগ। ব্যৱসায়ত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

তুলাঃ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে। যুটীয়া ব্যৱসায়ত হাত নিদিব। ব্যৱসায়ত ক্ষতি হ’ব পাৰে।শুভ ৰং বগা, শুভ সংখ্যা ২।

বৃশ্চিকঃ সংযম ৰাখি কথা পাতিব। হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব। আনেলোৱা টকা ঘূৰাই পাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

ধনুঃ চাকৰিৰ সম্ভাৱনা আছে। মূৰত আঘাত পাব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭ |

মকৰঃ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব। অপদস্থ হোৱাৰ ভয়। আজি

টকা ধাৰলৈ নিদিব। শুভ ৰং নীলা, শুভ সংখ্যা ৩।

কুম্ভঃ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে। দূৰ ভ্ৰমণ নকৰিব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।

মীনঃ হাতলৈ টকা আহিব। কিন্তু জমা ৰাখিব নোৱাৰে। মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে। কর্মসংস্থান বিচৰাসকলে আজি চেষ্টা কৰক। পাৰিবাৰিক অশান্তি বাঢ়িব। শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ৬।