Local, Vocal, Global

ধৰ্মৰ নামত চৰকাৰী ধন অপচয় সংবিধান বিৰোধী- ডঃ হীৰেন গোহাঁই গুৰুত্বপূৰ্ণ বক্তব্য

“অসমৰ নামঘৰসমূহলৈ টকা আগবঢ়ােৱাকলৈ মন্তব্য ডঃ হীৰেণ গোঁহাইৰ। এক লিখিত বিবৃত্তিৰ যোগে মন্তব্য আগবঢ়াইছে বিশিষ্ট চিন্তাবিদ গৰাকীয়ে। ২৫০ টা নামঘৰত ২.৫০  লাখকৈ চৰকাৰী ধন দিয়াৰ নিৰ্দেশ দিয়া হৈছে।এইটো চৰকাৰী ধন ধৰ্মৰ ক্ষেত্ৰত ব্যয় কৰাৰ উদাহৰণ।অথচ এইজন মন্ত্ৰীয়ে মাদ্ৰাছাত চৰকাৰী ধন দিয়া বন্ধ কৰিছিল ধৰ্মৰ নামত চৰকাৰী ধন খৰছ কৰা অযুগুত বুলি। ই সংবিধান বিৰোধী বুলিও কব পৰা যায়।আৰু এটা ডাঙৰ কথা হৈছে যে সি  আমাৰ গাঁৱলীয়া ৰাইজৰ নিজা এপদ সম্পদ চৰকাৰৰ হাতলৈ যোৱাৰ বাট মুকলি কৰিব।আমাৰ নামঘৰ ৰাইজে চলায় নিজা বৰঙনিৰে।সেয়ে আন কাৰো কথা শুনিব নালাগে।কৰবাত কেতিয়াবা সত্ৰাধিকাৰৰ কিবা পৰামৰ্শ মনা হয়,কিন্তু তেনে ঘটনা সদায় নঘটে।এতিয়া চৰকাৰৰ ধন লোৱা অভ্যাস হলে নামঘৰৰ ওপৰত ৰাইজৰ নিয়ন্ত্ৰণ কমি আহিব আৰু কিছুমান দালাল চৰিত্ৰৰ ব্যক্তিৰ জৰিয়তে চৰকাৰৰ নিৰ্দেশ পালন কৰা হব।ক্ৰমে নামধৰ্মৰ প্ৰভাৱ হ্ৰাস কৰি উগ্ৰ পূজা সেৱা আৰু ধৰ্মীয় প্ৰচাৰ চলিব।ধৰ্ম ৰাজনীতিৰ অস্ত্ৰ হব।সেয়ে ইয়াৰ পৰিনাম বুজা জাতীয় ভাৱ থকা ডেকা শক্তিয়ে প্ৰাণে ইয়াত বাধা দিয়া উচিত।”