Local, Vocal, Global

পশ্চিমবংগত পুনৰ ক’ভিডৰ সংক্ৰমণ

পশ্চিমবংগত পুনৰ ক’ভিডৰ সংক্ৰমণ

পশ্চিমবংগত যোৱা ২৪ ঘণ্টাত ক’ভিড -১৯ত নতুনকৈ ৮৫৩ জন ৰোগী আক্ৰান্ত হয়। ক’ভিড আক্ৰান্ত সকলৰ ভিতৰৰ ১৫ জন মৃত্যু হৈছে বুলি বুধবাৰে ৰাজ্যৰ স্বাস্থ বিভাগে জনায়। ৰাজ্যিক স্বাস্থ বুলেটিন অনুসৰি ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৭৯৪৫ জন। পশ্চিমবংগত এতিয়ালৈকে ক’ৰণা ভাইৰাছ সংক্ৰমণৰ পৰা মুঠ ১৫, ৭৩, ৫২০ জন লোক আৰোগ্য হয়। ৰাজ্যখনত সম্প্ৰতি মৃত্যুৰ সংখ্যা হৈছে ১৯,২৬৭ জন, তাৰ ভিতৰত ১৫ জন ৰোগী নতুনকৈ মৃত্যু হৈছে। ৰাজ্যখনত সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.৩৪ শতাংশত উপনীত হৈছে আৰু মৃত্যুৰ হাৰ হৈছে ১.২০ শতাংশ। পশ্চিমবংগত যোৱা ২৪ ঘণ্টাত সাত লাখৰো অধিক ভেকচিন প্ৰদান কৰা হৈছে। মঙলবাৰৰ পৰা বংগত ক’ভিড-১৯ ৰ বাবে ৪২,১১৩ টা নমুনা পৰীক্ষা কৰা হৈছিল। বুধবাৰে মুঠ ৪,২৯,৬৩, ৪২৪ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।