শ্রেষ্ঠ নৱাগত পৰিচালক শ্রেষ্ঠ অভিনেত্রীৰ সন্মান ব্রিজলৈ
আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে অসমীয়া ছবি ‘ব্রিজ’–এ ৷ ৰাছিয়াৰ অলিম্পিক চহৰ ছ’চিত অনুষ্ঠিত ৰাছিয়ান–ব্রিটিছ ছ’চি আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ছবিখনৰ পৰিচালক কৃপাল কলিতাই শ্রেষ্ঠ নৱাগত পৰিচালক আৰু মূল চৰিত্রত অভিনয় কৰা শিৱাৰাণী কলিতাই শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছে ৷ উল্লেখ্য যে এই ছবিখনে ইয়াৰ পূর্বেও ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ কেইবাখনো ছবি মহোৎসৱত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল ৷ আনকি ভাৰতৰ পৰা অস্কাৰৰ প্রথম দৌৰতো অৱতীর্ণ হৈছিল ‘ব্রিজ’৷
ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে প্রযোজনা কৰা ব্রিজ ৩৭ খনতকৈও অধিক আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত প্রদর্শিত হৈছে ৷ সেইদৰে ৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎৱত বঁটা লাভ কৰি কৃতিত্ব অর্জন কৰিছে এই ছবিখনে ৷ গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত সামাজিক বিষয়ত শ্রেষ্ঠ ছবি আৰু ১৬ সংখ্যক ত্রিশূৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎৱত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ৷ কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাই পৰিচালনা কৰা এই ছবিখন সম্পাদনা কৰিছে কিশোৰ ডেকাই ৷ এই ছবিত অনিন্দিতা দাস, গোপমণি গগৈ, পার্থপ্রতিম বৰা, স্বপ্ণীল নাথ, ভূপেন শর্মা, সুৰেন মহন্তকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অভিনয় কৰিছে ৷ অহা ৪ ফেব্রুৱাৰীত এই ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব ৷