Watermelon farming in Assam : হালধিয়া আৰু ৰঙা তৰমুজ খেতিৰে চৰ্চাত এজন যুৱক
জামুগুৰিহাট, ২৯ মে’ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আদৰ্শ যুৱ কৃষক শৰত্ বৰুৱাৰ ব্যতিক্ৰমী তৰমুজ খেতিৰে সর্বতে বিশেষ চৰ্চা লাভ কৰিছে । জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ চামধৰা গাঁৱৰ শৰত্ বৰুৱাই জৈৱিক পদ্ধতিৰে উৎপাদন কৰা আৰোহি আৰু বিচালা প্ৰজাতিৰ হালধিয়া আৰু ৰঙা ৰঙৰ তৰমুজ খেতিৰে বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে (Red and Yellow watermelon) ৷
যুৱকজনে প্ৰথমে নিজৰ পাঁচ বিঘা মাটিত সাধাৰণ প্ৰজাতিৰ তৰমুজ খেতি কৰি লাভান্বিত হৈ বৰ্তমান দুই বিঘাৰো অধিক মাটিত কৃষক গৰাকীয়ে আৰোহি আৰু বিচালা প্ৰজাতিৰ তৰমুজ খেতি কৰি স্বাৱলম্বী হৈ যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে যুৱকজনে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উত্পাদন কৰা ৰং বিৰঙৰ ফুল কবি আৰু ষ্টবেৰীকে ধৰি ঋতু অনুসৰি বিভিন্ন খেতি কৰি বিশেষ সমাদৰ লাভ কৰি আহিছে । লগতে আন বহু নিৱনুৱাকো স্বাৱলম্বিতাৰ পথ দেখুৱাইছে ৷
উল্লেখ্য যে যুৱ কৃষক শৰত্ বৰুৱাই সুদুৰ নেদাৰলেণ্ডৰ কলা জিকাৰ খেতি কৰি ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উত্পাদন কৰা ৰং বিৰঙৰ ফুলকবি, কলা জিকা, ষ্টবেৰী আদি খেতিৰ বাবে ইতিমধ্যে শোণিতপুৰ জিলা কৃষি বিভাগৰ দ্বাৰা আয়োজিত কৃষি মেলাত প্ৰথম শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল শৰত্ বৰুৱাই ।
বৰ্তমান কৃষকগৰাকীয়ে উৎপাদন কৰা ৰং বিৰঙৰ তৰমুজে ৰাইজৰ সমাদৰ লাভ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হোৱাটোৱে বিশেষ গুৰুত্ব দিছে ৷ আদৰ্শ কৃষক শৰৎ বৰুৱাই কৰা আৰোহি আৰু বিচালা নামৰ উন্নত প্ৰজাতিৰ তৰমুজ খেতিৰ বীজ যোগান ধৰা নউন ইউ চিদ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বিষয়া আচমত আলিয়ে দেওবাৰে সম্পূৰ্ণ খেতিপথাৰ পৰিদৰ্শন কৰি শলাগ লয় (KNOWN YOU SEED (I) PVT LTD.) ৷
ইতিমধ্যে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই কৃষিবিভাগৰ উচ্ছপদস্থ বিষয়াক লগত লৈ আদৰ্শ যুৱ-কৃষক শৰৎ বৰুৱাৰ কৃষি কাৰ্য পৰিদৰ্শন কৰি অভিভূত হৈ ভূয়সী প্ৰসংশা কৰে ৷ বৰ্তমান এই গৰাকী যুৱ-কৃষক শৰৎ বৰুৱা নিৱনুৱা যুৱকসকলৰ বাবে হৈ পৰিছে আদৰ্শৰ স্বৰূপ ৷
লগতে পঢ়ক : Assam earthquake : অসমত পুনৰ ভূমিকম্পৰ জোকাৰণি