Local, Vocal, Global

Amit Shah to visit Manipur : চাৰিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

নেশ্যনেল ডেস্ক, ২৯ মে’ : মণিপুৰৰ বিভিন্ন স্থানত অব্যাহত আছে হিংসাত্মক ঘটনাৰ সংঘৰ্ষ (Monipur violence) । এইবাৰ উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে । ১২ টাকৈ স্থানত সংঘৰ্ষ আৰম্ভ হোৱাৰ খবৰ ইতিমধ্যে জানিব পৰা গৈছে । এনে পৰিৱেশৰ মাজতে আজি মণিপুৰত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah to visit Manipur)। মন্ত্ৰীগৰাকীয়ে সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীত বিভিন্ন স্থানত সাধাৰণ নাগৰিকৰ সৈতে আলোচনা কৰিব ।

সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত চাৰিদিন থাকিব আৰু সাম্প্ৰদায়িক হিংসা প্ৰতিহত কৰাৰ বাবে বিভিন্ন ধৰণ পদক্ষেপ গ্ৰহণ কৰিব ।

শেহতীয়া তথ্য অনুসৰি, কাংচুপ চিংখোঙত বিদ্ৰোহী সংগঠন আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীবৰ্ষণ চলি আছে । যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক সংঘৰ্ষত এতিয়ালৈ ৭৫ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে (Civilian death in Manipur)।

ইফালে, ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত মণিপুৰৰ বিভিন্ন অঞ্চলত প্ৰতিশোধমূলক আৰু প্ৰতিৰক্ষামূলক অভিযান চলাইছে নিৰাপত্তাৰক্ষীয়ে । এনে সংঘৰ্ষৰ মাজতে শেহতীয়াকৈ প্ৰায় ৪০টা সন্ত্ৰাসবাদী নিহত হয় (militants killed in Manipur)।

এই সংঘৰ্ষৰ ফলত কোটি কোটি টকাৰ সম্পত্তি ধ্বংস হোৱাৰ লগতে হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ হেৰুৱাই শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে । মণিপুৰৰ মৈতেইসকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদানকলৈ আৰম্ভ হোৱা এই সংঘৰ্ষ ক্ৰমাৎ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । তাৰেই মাজতে সুবিধা গ্ৰহণ কৰিছে মণিপুৰৰ বিদ্ৰোহী সংগঠনসমূহে ।

ইফালে শান্তি প্ৰতিষ্ঠাৰ লগতে হিংসা প্ৰতিহত কৰাৰ বাবে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ প্ৰায় ১৪০ টা প্লেটুনে অহৰহ কাম কৰি আছে । আনকি উত্তৰ-পূবৰ ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ অন্যান্য অৰ্ধসামৰিক বাহিনীৰ লোকসকলকো নিয়োজিত কৰা হৈছে ।

উল্লেখ্য যে অগ্নিগৰ্ভা মণিপুৰ চৌদিশে এতিয়া হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে (Manipur fresh clashes)। প্ৰায় ৮০ জন লোকে মণিপুৰৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এতিয়ালৈকে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিংহৰ মতে, বিদ্ৰোহীসকলে ৰাজপথতেই সাধাৰণ জনতাৰ বিৰুদ্ধে শক্তিশালী মাৰণাস্ত্ৰ যেনে MK 15 অথবা AK 47 ব্যৱহাৰ কৰাতো যেন সাধাৰণ কথা হৈ পৰিছে । এই সকলোৰে মাজত আজি মণিপুৰত উপস্থিত হোৱাৰ পৰিকল্পনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । অমিত শ্বাহ উপস্থিত হোৱাৰ পূৰ্বেই সমগ্ৰ মণিপুৰক শান্ত কৰাৰ অভিযানত নামি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায় । যাৰ ফলত মণিপুৰ আৰক্ষী আৰু কামাণ্ড’ বাহিনীৰ অভিযানত ৪০ জনৰো অধিক বিদ্ৰোহী সংগঠনৰ কৰ্মী নিহত হৈছে ।

কিন্তু তাৰ পাছতো যেন শান্ত হোৱা নাই মণিপুৰ । গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ কিছু ঘন্টা পূৰ্বেই মণিপুৰত সংঘটিত এক হিংসাত্মক ঘটনাত এগৰাকী আৰক্ষী বিষয়াকে ধৰি মুঠ ৫ জনকৈ লোক নিহত হয় । ফলত গৃহমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি মণিপুৰত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই কুকি আৰু মৈতেই সম্প্ৰদায়ক । অগ্নিগৰ্ভা মণিপুৰত গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে এক গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিব বুলিও আশাবাদী সকলো ।

লগতে পঢ়ক : Fresh clashes in Manipur: প্ৰতিশোধমূলক অভিযানৰ সময়ত মণিপুৰত ৪০ জন উগ্ৰপন্থী নিহত, মুখ্যমন্ত্ৰী এন বীৰেন সিং