Local, Vocal, Global

Assam earthquake : অসমত পুনৰ ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক, ২৯ মে’ : আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল । শেহতীয়াকৈ বহু কেইটা ভূমিকম্পই কপাই গৈছে সমগ্ৰ দেশ । দিল্লী, পাঞ্জাৱ, জম্মু-কাশ্মীৰকে ধৰি অসমতো অনুভূত হৈছে এটাৰ পাছত আনটো ভূমিকম্পৰ জুকাৰণি ।

আজি পুৱাই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় (Assam earthquake) । ৰিখটাৰ স্কেলত ৪.৪ প্ৰাবল্যৰ এই ভূমিকম্পই ৰাজ্যখনক জোকাৰি যায় । পুৱা ৮ বাজি ৩ মিনিট ৩৫ ছেকেণ্ডত এই ভূমিকম্পৰ জোকাৰণি অনুভুত হয় । ভূমিকম্পটোৰ গভীৰতা ভূগৰ্ভৰ ১৫ কিলোমিটাৰ তলত বুলি জানিব পৰা গৈছে ।

অৱশ্যে এই ভূমিকম্পৰ ফলত কোনোধৰণৰ আঘাত বা ক্ষয়-ক্ষতিৰ তাত্‍ক্ষণিক খবৰ এইপৰ্যন্ত পোৱা হোৱা নাই ।

উল্লেখ্য যে দেওবাৰেও ৰিখটাৰ স্কেলত ৪.৭ প্ৰাবল্যৰ এক ভূমিকম্পই ৰাজ্যখনক জোকাৰি গৈছিল । কেই ছেকেণ্ডৰ বাবে কম্পন অনুভূত হোৱা এই ভূমিকম্প বিয়লি প্ৰায় ২.৫৮ বজাত সংঘটিত হৈছিল । ইয়াৰ উত্‍পত্তিস্থল আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাইৰাঙৰ কাষৰীয়া অঞ্চলত ।

উল্লেখযোগ্য যে দেওবাৰে পুৱা ১১ বজাত ৬ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল জম্মু-কাশ্মীৰক । কিন্তু তাৰ পূৰ্বেই শনিবাৰে নিশা প্ৰায় ৪ বজাত অসমৰ তেজপুৰত এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ইয়াৰ প্ৰাবল্য আছিল প্ৰায় ৩.৩ ৰিখটাৰ স্কেল । আনহাতে, দেওবাৰে বিয়লি মেঘালয়তো ৩.৬ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ আন এক ভূমিকম্প অনুভূত হয় ।

ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা অনুসৰি, বিগত ৪৮ ঘন্টাত সমগ্ৰ দেশত সৰ্বমুঠ ৮ টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল (National Center for Seismology,NCS) । তাৰ পাছতেই সোমবাৰে, পুৱা ৮. বাজি ৩ মিনিটত প্ৰায় ৪.৪ ৰিখটাৰ স্কেলৰ এক ভূমিকম্পই জোকাৰি যায় অসমক । এই ভূমিকম্পটিৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ । সোমবাৰে অহা ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰৰ লগতে দুটা পশ্চিম খাচী পাহাৰত আৰু আন দুটা কামেং জিলাৰ দক্ষিণত অনুভূত হয় (Earthquake hits Assam Sonitpur) ।

লগতে পঢ়ক : Jalukbari Accident : মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৭ জনকৈ ছাত্ৰ