Local, Vocal, Global

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ হ’ব এতিয়া ৰাজ্যজুৰি

বিকল হৈ পৰিল ৰাজ্যৰ পানী যোগান কেন্দ্ৰ সমূহ। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগিব আপুনি। ৰাজ্যখনত পানী যোগান ধৰি থকা কৰ্মচাৰী সকলে বন্ধ কৰি দিলে পানী যোগান কেন্দ্ৰ সমূহ। অনগ্ৰসৰ গ্ৰামাঞ্চলৰ এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰা প্ৰায় ৭ হেজাৰ  যুৱক-যুৱতীক বছৰ বছৰ ধৰি চৰম প্ৰতাৰণা কৰিছে জনস্বাস্থ্যকাৰিকৰী বিভাগে। মিছা-ভুৱা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি বিগত বছৰ বছৰ ধৰি গ্ৰামাঞ্চলৰ পানীযোগান কেন্দ্ৰত অস্থায়ীভাৱে নিযুক্তি প্ৰদান কৰি একপ্ৰকাৰে গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিলে এইসকল শ্ৰমিক-কৰ্মচাৰী তথা পাম্প অপাৰেটৰ সমুহক। দীৰ্ঘদিনে বিনা বেতনে ৰাইজৰ স্বাৰ্থত বৰ্তি থাকি এতিয়া এইসকলক ৰাজপথতত আন্দোলন কৰিবলৈ বাধ্য কৰালে ৰজাঘৰীয়াই। আনকি বহুবাৰ, বহুসময়ত বিভাগীয় মন্ত্ৰী-বিধায়কৰ পৰা মুখ্য-অভিযন্তা, কনিষ্ঠ অভিযন্ত্ৰালৈ নিজৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদানৰ পিছত বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু আজি সকলো ফুটুকাৰ-ফেনত পৰিনত হ’ল। যাৰবাবে আজি শুক্ৰবাৰে পলাশবাৰীৰ মিৰ্জাতো PHE ( জল) অস্থায়ী কৰ্মচাৰী পৰিষদৰ “অসহযোগ আন্দোলন” কাৰ্যসূচী ৰূপায়ণ কৰে। মিৰ্জাৰ কোছপাৰা পানী যোগান কেন্দ্ৰত প্ৰায় তিনি শতাধিক শ্ৰমিক-কৰ্মচাৰী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে, লগতে প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ সমস্যা সমূহ অতি সোনকালে সমাধানৰ দাবী জনাই।