Local, Vocal, Global

kachua body recovered : উদ্ধাৰ যুৱকৰ মৃতদেহ

কচুৱা, ৪জুন’ : কচুৱাৰ লুটুমাৰী বজাৰত চাঞ্চল্যকৰ ঘটনা। কচুৱাৰ লুটুমাৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ(kachua body recovered)।দেওবাৰে পুৱতি নিশা কচুৱাৰ লুটুমাৰী বজাৰত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ (youth Body recovered) । নিজৰ বাহনৰ ভিতৰতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰে যুৱকৰ মৃতদেহ । যুৱক জনৰ নাম ৰাহুল বৰদলৈ বুলি জানিব পৰা গৈছে ।এয়া হত্যা নে আন কিবা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। কিন্তু স্থানীয়লোকে এয়া হত্যা বুলি সন্দেহ কৰিছে।যুৱক জনৰ নিজ বাহনৰ ভিতৰতে আছিল মৃতদেহটো।স্থানীয় লোকৰ অভিযোগ অনুসৰি, নিশা কচুৱা লুটুমাৰীত চলি থকা আনন্দমেলা চাই ঘৰলৈ ওভতাৰ পথতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃত যুৱকজন লংজাপ পঞ্চায়তৰ প্ৰাক্তন কাউঞ্চিলাৰ বিৰেন বৰদলৈৰ পুত্ৰ ৰাহুল বৰদলৈ বুলি জানিব পৰা গৈছে।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা ।আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আছে অপৰাধ।চোৰ ,ডকাইটি ,ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আছে ।

লগতে পঢ়ক : Teen missing while bathing in Brahmaputra : ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সন্ধানহীন কিশোৰ