Local, Vocal, Global

Odisha Train Accident : ওড়িশাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা,বাতিল অসমৰ ৰে’ল যাত্ৰা

নেশ্যনেল ডেস্ক, ৪ জুন’: শুকুৰবাৰে নিশা ওড়িশাৰ বালাশ্বৰ জিলাত যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ৩০০ গৰাকী(Odisha Train Tragedy) যাত্ৰী নিহত হোৱাৰ বিপৰীতে ১০০০ৰো অধিক যাত্ৰী আহত হোৱাৰ তথ্য পোৱা গৈছে (Collision occurred between passenger train and goods train)। আহত যাত্ৰীসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷

ঘটনাস্থলীত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ দুৰ্ঘটনাস্থলীত বৰ্তমানেও দ্ৰুতগতিত ৱাৰফুটিং পুনৰুদ্ধাৰৰ কাৰ্য চলি আছে। ইয়াৰ বাবে দুৰ্ঘটনাস্থলীত ১০০০ৰো অধিক শ্ৰমিক নিয়োগ কৰা হৈছে। ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা এই মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ স্থানত পুনৰুদ্ধাৰৰ কাম দিনে-নিশাই চলি আছে। দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ৩০০ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১০০০ৰো অধিক লোক আহত হৈছে।

আদিত্য কুমাৰে সংবাদ সংস্থা ANIক জনাইছে যে, ‘‘ধ্বংস হোৱা ডবাসমূহ আঁতৰোৱা হৈছে। দুটা মাল ট্ৰেইনৰ ডবাও আঁতৰাই দিয়া হৈছে। এফালৰ পৰা ট্ৰেক সংযোগ কৰাৰ কাম চলি আছে। যথাসম্ভৱ সোনকালে কাম শেষ হ’ব।

’’উল্লেখযোগ্য যে, বিগত দুটা দশকৰ ভিতৰতে সবাতোতলৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা হিচাপে চৰ্চিত হোৱা এই শোকাৱহ দুৰ্ঘটনাৰ বাবে দেশৰ ৰে’ল যোগাযোগত যথেষ্ট প্ৰভাৱ পৰিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাৰ বাবে দায়ীসকলক কঠোৰ শাস্তি বিহা হ’ব বুলিও ঘোষণা কৰিছে।

তথ্য অনুসৰি, উৰিষ্যাৰ বালাচোৰত শুক্ৰবাৰে সন্ধিয়া হোৱা শোকাবহ ৰে’ল দুৰ্ঘটনাৰ ফলত অসমৰ পৰা যাত্ৰা কৰিবলগীয়া ৫ খনকৈ ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। এই কথা এন এফ ৰে’লৱে মালিগাঁওৰ মুখ্য কাৰ্যালয়ৰ পৰা এক প্ৰেছ বিবৃতি জৰিয়তে জানিবলৈ দিছে।

বিবৃতিৰ অনুসৰি, দক্ষিণ-পূব ৰে’লৱেৰ অন্তৰ্গত খড়গপুৰ আৰু ভদ্ৰক খণ্ডৰ মাজত ১২৮৪১ (শালিমাৰ চেন্নাই চেণ্ট্ৰেল ) কৰমণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পৰিপ্ৰেক্ষিতত, নিম্নলিখিত ৰে’লসমূহ বাতিল কৰা হৈছে-

০৬ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১২৫১০ (গুৱাহাটী – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰেলখন বাতিল থাকিব।

০৭ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১২৫৫২ (কামাখ্যা – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰেলখন বাতিল থাকিব ।

০৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ০৬০৭৪ (ৰঙাপাৰা নৰ্থ – ইৰোড জংচন) বিশেষ ৰেলখন বাতিল কৰা হৈছে।

০৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ২২৫০৪ (ডিব্ৰুগড় – কন্যাকুমাৰী) বিবেক এক্সপ্ৰেছ ৰেলখন বাতিল কৰা হৈছে।

০৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ২২৫১২ (কামাখ্যা – লোকমান্য তিলক টার্মিনাস) কর্মভূমি এক্সপ্ৰেছ ৰেলখন বাতিল কৰা হৈছে।

লগতে পঢ়ক : PM Modi at Odisha train crash site: দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে কলে, দোষীক কঠোৰ শাস্তি দিয়া হ’ব