Local, Vocal, Global

Water Pipe Burst in Maligaon : জলমগ্ন হ’ল সমগ্ৰ মালিগাঁও অঞ্চল

গুৱাহাটী, ২৯ মে’ : গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ নাটনি দূৰ কৰিবলৈ ২০০৯ চনত আৰম্ভ কৰা হৈছিল গুৱাহাটী জাইকাৰ পানী যোগান প্ৰকল্প । দীৰ্ঘদিনীয়া হেমাহিৰ অন্তত বিজেপি চৰকাৰৰ উদ্যোগত ২০২৪ বৰ্ষলৈ সম্পূৰ্ণ প্ৰকল্পৰ কাম শেষ হোৱাৰ কথা চলি থকাৰ মাজতেই কেইবাটাও অঞ্চলত দেখা গৈছে বিভিন্ন বিসংগতিৰ । কৰবাত যদি পানীৰ পাইপৰ বাবে মাটি খান্দি বহু দিনলৈ শ্ৰমিকে কাম কৰা নাই , আন ক’ৰ’বাত আকৌ পাইপ বহুৱাবলৈ যোৱা বাহনে চিঙি থৈ গৈছে অঞ্চলটোৰ বৈদ্যুতিক সংযোগ ।

উল্লেখযোগ্য যে, ২৫ মে’ত মহানগৰীৰ খাৰঘূলিত ফুটিছিল জাইকাৰ পানীৰ পাইপ । সেই জল বিস্ফোৰণত নিহত হৈছিল এগৰাকী মহিলা (Water Pipe Burst Kills One)। ক্ষতিগ্ৰস্ত হৈছিল বহু লোকৰ ঘৰ-দুৱাৰ, যান-বাহন আদিৰ । কিন্তু এইবাৰ মহানগৰীৰ মালিগাঁৱত ফুটিল পানীৰ পাইপ (Water Pipe Burst in Maligaon)। নিমিষতে জলমগ্ন হ’ল সমগ্ৰ মালিগাঁও অঞ্চল । জালুকবাৰী থানাৰ সমীপত তথা নিৰ্মীয়মান উৰণীয়া সেঁতুৰ তলত সংঘটিত হৈছে এই ঘটনা । ফলত বহু সময় ধৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ । কেৱল সেয়াই নহয় বৰং এনে বিসংগতিয়ে বহু সময়লৈ বন্ধ কৰি ৰাখিলে যাতায়ত ব্যৱস্থাও ।

একে সময়তেই মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পানীৰ পাইপবোৰেও একেই বিসংগতিৰ সংকেত বহন কৰিছে । খাৰঘূলিৰ ঘটনাৰ পাছতেই মালিগাঁৱত হোৱা ঘটনাই উদঙাইছে কৰ্তৃপক্ষৰ ফোপোলা স্বৰূপ ।

নিম্নমানৰ কামৰ বাবেই সংঘটিত হোৱা এই ঘটনাৰ পাছতো কিন্তু গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষ অথবা চৰকাৰৰ । যাৰ ফলত মালিগাঁৱত আজি সংঘটিত হ’ল অনুৰূপ ঘটনা । জালুকবাৰী থানাৰ সমীপত নিৰ্মীয়মাণ উৰণীয়া সেতুৰ তলত সংঘটিত হোৱা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন ৰাইজক । বৰ্তমানেও মহানগৰীৰৰ বিভিন্ন স্থানত এইদৰে পানী নিগৰি থকা দৃশ্য তেনেই সুলভ ।

ইতিমধ্যেই গুৱাহাটীৰ জু-ৰোড অঞ্চলত জাইকাৰ পানীৰ পাইপেৰে পানী লিক হোৱা প্ৰত্যক্ষ কৰিছে বহু জনে । জু-ৰোডকে ধৰি মহানগৰীৰ বহু ঠাইত ইতিমধ্যে পানী যোগান প্ৰকল্পৰ কাম কৰিছে সেই অঞ্চলসমূহত এবাৰ পৰীক্ষা কৰা উচিত চৰকাৰে । এতিয়াই দায়িত্ব ন’ললে পৰৱৰ্তী সময়ত ক্ষতিপূৰণে উভতাই আনিব নোৱাৰিব একোটা মানৱ জীৱনক ।

লগতে পঢ়ক : Jalukbari Accident : মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৭ জনকৈ ছাত্ৰ