Local, Vocal, Global

Jalukbari Accident : মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৭ জনকৈ ছাত্ৰ

গুৱাহাটী, ২৯ মে’ : মহানগৰীৰ জালুকবাৰীত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Jalukbari Accident) । এই দুৰ্ঘটনাত থিতাতে নিহত হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰ । স্কৰপিঅ’ বাহনত যাত্ৰা কৰি থকা অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰে ডিভাইদাৰত । পৰৱৰ্তী সময়ত ডিভাইদাৰৰ পৰা নিলগত ৰৈ থকা বাহনত আহি দ্বিতীয়টো খুন্দা মাৰে স্কৰপিঅ’খনে । যাৰ ফলত স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

নিহত যুৱক কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল (students of AEC) । দুৰ্ঘটনাত নিহত হোৱা ছাত্ৰকেইজন ডিব্ৰুগড়ৰ ইমন বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মঙলদৈৰ কৌশিক বৰুৱা, গুৱাহাটীৰ নিয়ৰ ডেকা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ অৰিন্দম ভোৱাল বুলি চিনাক্ত কৰা হৈছে।

নিহত এই যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু ৭নং হোষ্টেলৰ আৱাসী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, নিশা প্ৰায় ১ বজাত পশ্চিম শাখাৰ আৰক্ষী উপ-আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা । AS 01 FK 9605 নম্বৰৰ স্কৰপিঅ’ বাহনখনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১০জন যুৱকে চানডুবিৰ পৰা উভতি আহি আছিল । তেনে সময়তেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইদাৰত খুন্দা মাৰে আৰু পৰৱৰ্তী সময়ত ডিভাইদাৰ পাৰ হৈ আনটো দিশত থকা AS 01 GS 8829 নম্বৰৰ ব’লেৰ’ পিক আপ ভানখনত খুন্দা মাৰে । এই দুৰ্ঘটনাৰ প্ৰাবল্য ইমানেই গুৰুতৰ আছিল যে স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱক দুৰ্ঘটনাস্থলীতেই থিতাতে নিহত হয় আৰু আন তিনিজনক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । স্ক’ৰপিঅ’খনে খুন্দা মৰা বলেৰ’ পিকআাপ ভানখনত থকা চালক-হেন্দিমেনসহ ৩ জনকৈ লোক চিকিৎসাধীন অৱস্থাত আছে ।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মৃণ্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ আন তিনিজন ছাত্ৰ । আনহাতে, বলেৰ’ পিক আপ ভানখনৰ মোজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ তিনিজন লোকো গুৰুতৰভাৱে আহত হয় ।

ইয়াৰ ওপৰিও, গাড়ীখনত উদ্ধাৰ হয় সুৰাৰ বটল । আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত নিহত আৰু আহতসকলক উদ্ধাৰ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে । আহত তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰী শৰ্মাই মৃতকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে চিকিৎসা সাহায্যৰ আশ্বাস দিয়ে । লগতে ঘটনাস্থলিত উপস্থিত হয় সমগ্ৰ ঘটনাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM extended condolence to families) ।

লগতে পঢ়ক : Fresh clashes in Manipur: প্ৰতিশোধমূলক অভিযানৰ সময়ত মণিপুৰত ৪০ জন উগ্ৰপন্থী নিহত, মুখ্যমন্ত্ৰী এন বীৰেন সিং