Local, Vocal, Global

Water pipe bursting: খাৰঘুলিৰ জল বিস্ফোৰণৰ ঘটনাৰ সন্দৰ্ভত তিনিজনীয়া তদন্ত কমিটী গঠন

গুৱাহাটী, ২৭ মে’: গুৱাহাটীৰ আই অ’ চি এল গেটৰ সমীপৰ জয়পুৰত পানীযোগানৰ পাইপ ফাটি সংঘটিত হোৱা জল বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ বাবে শুকুৰবাৰে অসম চৰকাৰে তিনিজনীয়া এখন তদন্ত কমিটী গঠন কৰি দিছে (Government constituted a three-member committee)৷

” জাইকাৰ সহযোগত গুৱাহাটী পানী যোগান আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা পানী যোগান প্ৰকল্পৰ পাইপ ফাটি আইঅ’চিএল গেটৰ সমীপৰ জয়পুৰত হোৱা জলবিস্ফোৰণ ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে এখন তিনিজনীয়া কমিটি গঠন কৰি দিয়া হৈছে (Water pipe bursting) ।” গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে এই কথা উল্লেখ কৰা হৈছে (Department of Housing and Urban Affairs) ।

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ডৰ অধ্যক্ষতাত গঠন হ’ব তিনিজনীয়া এই তদন্ত কমিটিখন।

“কমিটিখনত থাকিবলগা সদস্যসকল হৈছে, পবিত্ৰ ৰাম খাউণ্ড, আই এ এছ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, ৰমেন্দ্ৰ সুন্দৰ চৌধুৰী, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব তথা অমৰুটৰ অতিৰিক্ত মিছন সঞ্চালক (DEM) আৰু সঞ্জয় কৃষ্ণ মহন্ত, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা অমৰুট(AMRUT)ৰ সহকাৰী অতিৰিক্ত মিছন ডাইৰেক্টৰ (Admin)” চৰকাৰে জাৰি কৰা অধিসূচনাখনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে পানীযোগান প্ৰকল্পৰ পাইপ ফটাৰ ফলত সৃষ্টি হোৱা বৃহৎ পানীৰ ঢৌৰ ফলত অঞ্চলটোৰ সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন ব্যক্তি আহত হৈছিল (Woman died after water pipe burst) । এই ভয়ংকৰ ঘটনাটোত চাৰিচকীয়া আৰু দুচকীয়া বাহনকে ধৰি কাষৰ কেইবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হৈছিল(Water supply pipe burst at Joypur Kharghuli area in Guwahati) ।

লগতে পঢ়ক: Kharghuli Water Pipe Burst : খাৰঘুলিত উপস্থিত মন্ত্রী যোগেন মোহন