Local, Vocal, Global

Kharghuli Water Pipe Burst : খাৰঘুলিত উপস্থিত মন্ত্রী যোগেন মোহন

গুৱাহাটী, ৩ মে’ : বৃহস্পতিবাৰে খাৰঘুলিত সংঘটিত হৈছিল জলবিস্ফোৰণৰ এক ভয়ংকৰ ঘটনা(Kharghuli Water Pipe Burst)।গেমনৰ পাইপ ফাটি পানী ওলাই সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ(Thursdays Gamon JICA pipeline burst in the Kharghuli area in Guwahati )। হঠাতে পানীয়ে বুৰাই পেলাইছিল ৰাস্তা-ঘাট, আবাসিক অঞ্চল । অঞ্চলজুৰি সৃষ্টি হৈছিল হাহাকাৰময় পৰিস্থিতিৰ । সেই স্থানত থকা বহু বাহনৰ বিস্তৰ ক্ষয় ক্ষতিৰ লগতে পানীয়ে উতোৱাই লৈ গৈছিল মটৰ চাইকেলকে আদি কৰি চাৰিচকীয়া বাহনো । তাৰোপৰি খহি পৰিছিল পাহাৰৰ মাটি । এই ভয়াৱহ ঘটনাটোত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাগৰাকীকৈ লোক । পাইপ ফুটি সংঘটিত হোৱা জলবিস্ফোৰণৰ পিছতে জলমগ্ন হৈ পৰিছিল খাৰঘুলি অঞ্চল ।

আজি অৰ্থা শুকুৰবাৰে খাৰঘুলিৰ ক্ষতিগ্ৰস্ত অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে সেই স্থানত উপস্থিত হয় ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্রী যোগেন মোহন । মন্ত্রী গৰাকীয়ে ভুক্তভোগীসকলৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলবিস্ফোৰণটোত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰী সাহায্য় প্ৰদান কৰাৰ কথাও ঘোষণা কৰে । মন্তেৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি আগন্তক ৪৮ ঘন্টাৰ ভিতৰতে আগবঢ়োৱা হ’ব সাহায্য ।

মন্ত্ৰী যোগেন মোহনে জানিবলৈ দিয়া অনুসৰি, এই জলবিস্ফোৰণৰ ফলত নিহতসকলৰ আত্মীয়লৈ তৎকালীনভাৱে ২ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ’ব আৰু আহতসকলৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ১০ হাজাৰকৈ টকা ।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, জলবিস্ফোৰণৰ ফলত ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব । লগতে ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে বিনামূলীয়াকৈ খোৱা-বোৱাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে ।