Watch | Teok orunodoi scheme: এইবাৰ টীয়কৰ ন-হাট চাপানিত অৰুণোদয় আঁচনি বিচাৰি শ শ মহিলাৰ প্ৰতিবাদ

টীয়ক: বিধৱা মহিলা,অবিবাহিত মহিলা তথা বিকলাংগসকলৰ বাবে চৰকাৰে ঘোষণা কৰিছিল অৰুণোদয় আঁচনি যদিও পাছলৈ এই আঁচনিৰ অন্তভুক্ত হৈছিল বহু দৰিদ্ৰ মহিলা।কিন্তু বৰ্তমান অৰুণোদয় ৩.০ৰ কাম পুনৰ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে যেন হৈ পৰিছে এক অৰাজক।হিতাধিকাৰী নিৰ্বাচনৰ দায়িত্ব এইবাৰ বিজেপিৰ বুথ কমিটিসমূহক অৰ্পণ কৰাৰ পাছৰে পৰা অধিকাংশ পূৰ্ব আঁচনিৰ অন্তভুক্ত হিতাধিকাৰীৰ নাম কৰ্তন তথা বহু নতুন হিতাধিকাৰীৰ নাম সংযোজনৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
গাওঁখনৰ অধিকাংশ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ নাম এইবাৰ উক্ত আঁচনিৰ পৰা কৰ্তন হৈছে তাৰ বিপৰীতে বুথ কমিটিয়ে আৰ্থিকভাৱে সবল পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে।সেয়ে নিৰুপাই মহিলাসকল এইদৰে গাৱঁৰ নামঘৰৰ প্ৰাংগণত গোট খাই এইসমূহ আসোঁৱাহ দূৰ কৰি প্ৰকৃত হিতাধিকাৰীক অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে অন্যথা আচঁনিখন বন্ধ কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।