Local, Vocal, Global

আজি দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

নিউজ ডেক্স ,১৮জুলাই : আজি দেশত নতুন ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন। নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে যশৱন্ত সিনহা , দ্ৰৌপদী মুৰ্মু।

আজি পুুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ সংসদ ভৱন আৰু সকলো ৰাজ্যৰ বিধান সভাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। । সাংসদ আৰু বিধায়কসকলে কৰিব ভোটদান।

ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৭৭৬ গৰাকী সাংসদ আৰু ৪০৩৩ গৰাকী বিধায়কে এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব।

এই নিৰ্বাচনৰ বাবে NDA ৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৰ আৰু বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাৰ মাজত প্ৰতিদ্বন্দিতা হব যদিও দ্ৰোপদী মুৰ্মুৰ পক্ষত ৬০ শতাংশ সাংসদ ,বিধায়কৰ সমৰ্থন আছে ।


কেইবাটাও আঞ্চলিক দলে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক নিজৰ সমৰ্থন দিছে। এই দলসমূহৰ ভিতৰত আছে উদ্ধৱ থাকৰেৰ নেতৃত্বৰ শিৱসেনা, ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কৰ দল বীজু জনতা দল (BJD), নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড (JDU), শিৰোমণি আকালী দল, মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টী (BSP), AIADMK, টিডিপি, ৱাইএছআৰচিপি আৰু চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টী (ৰামবিলাস)।

আনহাতে, যশৱন্ত সিনহাক কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, ভাৰতীয় কমিউনিষ্ট পাৰ্টী, সমাজবাদী পাৰ্টী, নেচনেল কনফাৰেন্স, AIMIM, ৰাষ্ট্ৰীয় জনতা দল আৰু এআইইউডিএফে সমৰ্থন আগবঢ়াইছে।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়েও বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন দিয়াৰ ঘোষণা কৰিছে।
এই নিৰ্বাচনৰ বাবে অসমতো চলিছে ব্যাপক প্ৰস্তুতি। উল্লেখযোগ্য যে আজিৰ নিৰ্বাচনৰ পিছতে ২১ জুলাইত ফলাফল ঘোষণা হব আৰু ২৫ জুলাইত শপত গ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতিয়ে।

এতিয়া লক্ষণীয় যে কাৰ অধিনত আহিব ৰাষ্ট্ৰখনৰ পৰিচালনাৰ দায়িত্ব আৰু কোনে মাৰিব এই নিৰ্বাচনত শেষ হাঁহি।