Local, Vocal, Global

Mizoram Assembly Elections 2023 : পুৱা ১১ বজালৈকে মিজোৰামত ২৬.৪৩% ভোটদান

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ : আজি পুৱা ৭বজাৰে পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ৪০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজালৈ চলিব(Mizoram Assembly Elections 2023) ।

মঙলবাৰে পুৱাৰে পৰা ৰাজ্যখনত অব্যাহত আছে ভোটগ্ৰহণ। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহৰ বাহিৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী((Voting commences for all 40 seats in Mizoram) ।

মিজোৰামত পুৱা ৯ বজালৈকে ১২.৮০ শতাংশ, পুৱা ১০ বজাত ১৭.২৫ শতাংশ আৰু পুৱা ১১ বজালৈকে মিজোৰামত ২৬.৪৩% ভোটদান সম্পন্ন হৈছে ৷

উল্লেখযোগ্য যে আজি পুৱাৰে পৰা অব্যাহত আছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ১,২৭৫টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি আছে। ৰাজ্যখনত ১৬ গৰাকী মহিলাকে ধৰি ১৭৪ গৰাকী প্ৰাৰ্থীয়ে মুঠ ৪০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই নিৰ্বাচনত। ৰাজ্যৰ ৮,৫১,৮৯৫ গৰাকী ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব।

তথ্য অনুসৰি, মিজোৰামৰ ১২৭৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ১৪৯ টা দূৰৱৰ্তী ভোটকেন্দ্ৰ, আনহাতে, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ প্ৰায় ৩০ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ বুলি ঘোষণা কৰা হৈছে(2023 Mizoram Legislative Assembly election)।

ৰাজ্যখনত নিৰ্বাচনৰ বাবে মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন কৰিবলৈ বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে এই নিৰ্বাচনৰ বাবে ৭,২০০ জোৱান নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক : One Drug Peddler Arrested With Yaba Tablets : কাছাৰ জিলাত আছাম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যৌথ অভিযান