Vishnu Deo Sai to become new Chhattisgarh CM :অন্ত পৰিল জল্পনা কল্পনাৰ; ঘোষণা হ’ল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম
নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ : অন্ত পৰিল জল্পনা কল্পনাৰ । ঘোষণা হ’ল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম বিষ্ণুদেও সাই হ’ব ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী । আজি বিজেপিৰ বিধায়নী দলৰ বৈঠকৰ এই সিদ্ধান্ত (Vishnu Deo Sai to become new Chhattisgarh CM)
জনজাতীয় নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিষ্ণুদেও সাই হৈছে ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ বাছনি।
উল্লেখ্য যে, ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ সম্পৰ্কত সিদ্ধান্ত ল’বলৈ ৰায়পুৰত দেওবাৰে উপস্থিত হয় বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৷ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাবে ৰাজ্যখনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত গৌতম । ছত্তীশগড়ৰ ৰাজ্যিক বিজেপিৰ মুৰব্বী অৰুণ সাওৱে ৰায়পুৰৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত কেন্দ্ৰীয় পৰ্যবেক্ষকক উষ্ম আদৰণি জনায়(Former Union Minister Vishnu Deo Sai selected as new Chhattisgarh CM) ৷
ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ এক বিবৃতি প্ৰকাশ পাইছে ৷ ঝাৰখণ্ডৰ খুঁটিৰ পৰা ৰায়পুৰলৈ ৰাওনা হোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত চৰকাৰ গঠনৰ সময় আহি পৰিছে ৷ বিধায়িনী দলৰ বৈঠক হ’ব আৰু নেতা নিৰ্বাচিত হ’ব ৷ অন্যান্য আনুষ্ঠানিকতা হ’ব ৷ সকলোবোৰ সোনকালেই সম্পূৰ্ণ হ’ব(Vishnu Deo Sai Emerges As BJP’s Choice For Chief Minister) ৷”
ইফালে বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা সিং সৰুতাই কয় যে বিষ্ণু দেও ছাই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হ’ব বুলি মই অতিশয় সুখী। এইবাৰ প্ৰথমবাৰৰ বাবে কৃষক পৰিয়ালৰ অন্তৰ্গত জনজাতীয় সম্প্ৰদায়ৰ এজন দলীয় কৰ্মী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে । “