Local, Vocal, Global

৩২বছৰত ভৰি দিলে ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে

৩২বছৰত ভৰি দিলে ক্ৰিকেট তাৰকা কিং কোহলীয়ে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ ওপজা দিনটোত বিশেষভাবে শুভেচ্ছা জনাইছে BCCI আৰু ICC য়ে। ২০১১ বিশ্বকাপ ক্ৰিকেটত কোহলীৰ কিছু স্মৰণীয় মুহূৰ্তৰ এটি ভিডিঅ’ প্ৰস্তুত কৰি টুইটাৰৰ জৰিয়তে বিৰাট কোহলীক জন্মদিনৰ শুভেচ্ছা জনাইছে ICC য়ে। আনহাতে BCCI য়ে কোহলীৰ ২০১১ চনৰ কিছু সুন্দৰ থেল প্ৰদৰ্শনৰ মূহূৰ্তৰ কথা উল্লেখ কৰি টুইটাৰযোগে বিৰাট কোহলীক জনাইছে জন্মদিনৰ শুভেচ্ছা।

ডুবাইত অনুষ্ঠিত হৈ থকা IPLত পত্নী অনুস্কা শৰ্মা আৰু RCB ৰ খেলুৱৈৰ সৈতে কোহলীয়ে উদযাপন কৰিলে জন্মদিন।