Local, Vocal, Global

গোৱাত অশালীন ভিডিঅ’ৰ শ্বুটিং, আটক পুনম পাণ্ডে

মডেল অভিনেত্ৰী পুনম পাণ্ডেক আটক কৰিছে গোৱা আৰক্ষীয়ে। প্ৰায়ে বিতৰ্কিত আৰু নগ্ন ফটো তথা ভিডিঅ’ৰে চৰ্চাত থকা বলীউডৰ মডেল-অভিনেত্ৰী পুনম পাণ্ডেক বৃহস্পতিবাৰে আটক কৰা হৈছে। গোৱা চাপলিবান্ধত পুনমে এক অশ্লীল ভিডিঅ’ৰ শ্বুটিং কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। চৰকাৰী এক স্থানত অশালীন ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰাৰ অভিযোগ তুলি গোৱা ফৰৱাৰ্ড পাৰ্টীৰ মহিলা শাখাই বুধবাৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। দক্ষিণ গোৱা জিলাৰ কানাকোনা নামৰ নগৰখনৰ বাসিন্দাসকলৰ অভিযোগ মতে বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে এই শ্বুটিঙৰ বাবে চৰকাৰী যন্ত্ৰৰ অপপ্ৰয়োগৰো অভিযোগ তুলিছিল। এই অভিযোগত দুজন আৰক্ষীৰ লোককো নিলম্বিত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে সোধা-পোছাৰ বাবে আটক কৰা হৈছে পুনম পাণ্ডেক।