Local, Vocal, Global

প্ৰকৃতিৰ তাণ্ডৱ তচনচ কৰা এখন গাঁও

প্ৰকৃতিৰ তাণ্ডৱ গৰাখহনীয়াই তচনচ কৰা এখন গাঁও,

ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াই কাল অমনিশা নমাই আনিলে কেইবাটাও দূৰ্ভগীয়া পৰিয়ালৰ

নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গঞা, অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিৱেশ

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত নাৰোৱামাৰি, মন্ডিয়া অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই, এফালৰ পৰা নদীত জাহ গৈছে ঘৰবাৰি, গছগছনি আদি।

ইতিমধ্যে কেইবাটাও বাসগৃহ নদীত জাহ গৈছে আৰু স্থানান্তৰ কৰিব লগা হৈছে বহুকেইটা পৰিয়ালৰ বাসগৃহ আনকি খহনীয়াৰ কবলত পৰিছে ধৰ্মীয় অনুষ্ঠানৰ লগতে শিক্ষানুষ্ঠানো, কান সাৰ নাই চৰকাৰ তথা জলসম্পদ বিভাগৰ।

সেয়ে উপায়ন্তৰ হৈ নিজৰ সপোনৰ ঘৰ খন ভাঙি লৈ নিৰাপদ স্থানলৈ লৈ গৈছে এই সকল দুখীয়া পৰিয়ালে।

অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা আৰু ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে