Local, Vocal, Global

অনিয়মৰ বিৰোধিতা কৰা বাবেই হত্যাৰ বলি হৈছিল ভিক্টৰৰ পিতৃ! এতিয়া কি হ’ব ভিক্টৰৰ?

গুৱাহাটীঃ হঠাৎ শুকুৰবাৰে পুৱাৰে পৰা চৰ্চিত হৈ পৰিছে এটা নাম। এই বিশেষ নামটো হৈছে ভিক্টৰ দাস। ইণ্টাৰনেট কৰ্তন কৰি ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাক লৈ টুইটযোগে বৃহস্পতিবাৰে সৰৱ হৈ পৰিছিল ভিক্টৰ। টুইটত ভিক্টৰে সদ্যসমাপ্ত এই পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি দাবী কৰিছিল।

ভিক্টৰৰ টুইটৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় আলোড়নৰ। সৰ্বত্ৰে একপ্ৰকাৰ হৈ-চৈ লাগে। আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ মাজতো আৰম্ভ হয় লৰা-ঢপৰা। ইয়াৰ মাজতে ভিক্টৰ দাসৰ ব্যক্তিগত জীৱনক লৈও আৰম্ভ হয় চৰ্চা।

আৰক্ষীয়ে মাতি পঠিওৱাত পাণবজাৰ থানাত বুলেট লৈ উপস্থিত হোৱা ভিক্টৰ দাসনো কোন? সকলোৰে মনত এতিয়া এয়াই প্ৰশ্ন। এই প্ৰশ্নক লৈ সৰৱ আলোচনা অব্যাহত থকাৰ সময়তে ভিক্টৰ সন্দৰ্ভত পোহৰলৈ আহিছে বহু ৰহস্যঘন কথা।

ভিক্টৰৰ দৰে তেওঁৰ পিতৃয়েও চাকৰিত অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল। ভিক্টৰৰ টুইটাৰ একাউণ্টত থকা পুৰণি টুইটবোৰতেই আছে ইয়াৰ সবিশেষ। দুবছৰ পূৰ্বে টুইটাৰত উল্লেখ কৰা মতে ২০২০ চনত মালিগাঁৱত ৰহস্যজনকভাৱে মৃত্যু হৈছিল ভিক্টৰৰ পিতৃ কুমুদ দাসৰ। পিতৃ কুমুদ দাসৰ এই মৃত্যুক আত্মহত্যা বুলি দাবী কৰিছিল আৰক্ষী-প্ৰশাসন তথা ৰেল বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই।

কিন্তু আৰক্ষী-প্ৰশাসনৰ এই দাবী মানি লব পৰা নাছিল ভিক্টৰৰ পৰিয়ালে। সেয়ে ভিক্টৰৰ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰিছিল। প্ৰাপ্ত খবৰ অনুযায়ী সেইসময়ত ৰেল বিভাগৰ নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰৰ পিতৃয়ে। অনিয়মৰ অভিযোগ উত্থাপন কৰা বাবেই কুমুদ দাসক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পুত্ৰ ভিক্টৰে। ফলত আৰক্ষীৰ নিৰ্যাতনৰ বলি হবলগীয়া হৈছিল ভিক্টৰ আৰু তেওঁৰ ভাতৃ।

শুকুৰবাৰে ২৬ হাজাৰ চাকৰিৰ দুৰ্নীতি প্ৰসংগত দীঘলীয়া জেৰাৰ সন্মুখীন হোৱা ভিক্টৰক গ্ৰেপ্তাৰ কৰা হব পাৰে বুলিও চৰ্চা চলিছে। এনে সময়তে ভিক্টৰৰ পিতৃ কুমুদ দাসৰ মৃত্যুৰ প্ৰসংগটোৱেও সকলোকে ভবাই তুলিছে। সেয়ে ছ’চিয়েল মিডিয়াত এতিয়া ভিন্নজনে ভিক্টৰৰ নিৰাপত্তাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কোনো কাৰণতেই যাতে ভিক্টৰৰ দশা পিতৃৰ দৰে নহয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনাইছে সচেতন মহলে।