Local, Vocal, Global

এখন ফেনৰ বাবেই দুই সন্তানৰ পিতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ৯ ছেপ্তেম্বৰ : দক্ষিণ কামৰূপৰ অন্তৰ্গত জোৰশিমুলীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।নিজগৃহত বৈদ্যুতিক ফেন মেৰামতি কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱতি ল’লে দুই সন্তানৰ পিতৃয়ে ।

মৃত লোকজনক জোৰশিমুলীৰ অগ্ৰদূত নিবনুৱা কৃষিপামৰ বদিৰউদজ্জামান (২৫) বুলি চিনাক্ত কৰা হৈছে ৷ আহত লোকজনক সংকটজনক অৱস্থাত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৰ্তি কৰায় যদিও চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে ৷

পৰৱৰ্তী সময়ত, ঘটনাস্থলীত জোৰশিমুলী আৰক্ষী আৰু সোণতলী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে ৷ বদিৰউদজ্জামানৰ আকস্মিক মৃত্যুত পৰিয়ালটোৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।