Local, Vocal, Global

বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰক উৎখাত কৰি উজ্বলিল কামৰূপ আৰক্ষী

নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰত্যেক দিনাই বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। আজি বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰক উৎখাত কৰি উজ্বলি উঠিল কামৰূপ আৰক্ষী ।

সততাৰে কাম কৰাৰ পুৰস্কাৰ হিচাপে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰমল্ল পাটোৱাৰীক নগদ দুই লাখ টকাৰ পুৰস্কাৰ আগবঢ়ায় ।

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ ।

বন্যপ্ৰাণীৰ চোৰাং বেহাৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰক্ষী বিষয়া গৰাকীয়ে ।

বৃহস্পতিবাৰে গোপন সূত্ৰৰ পমখেদি আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীয়ে কেংগেৰু, চিম্পাঞ্জী, বান্দৰ কাছকে ধৰি অনেক দুষ্পাপ্য বন্যপ্ৰানী উদ্ধাৰ কৰিছিল।