উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা
নিউজ ডেস্ক, ২৯ : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছত এইবাৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা।
ভাৰতৰ নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰে যে Vice Presidential Election ৬ আগষ্টত অনুষ্ঠিত হ’ব।
প্ৰয়োজন হ’লে ৬ আগষ্টত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ হ’ব আৰু একেদিনাই ভোট গণনা কৰা হ’ব।
নিৰ্বাচন আয়োগে ৫ জুলাইত ঘোষণা কৰিব অধিসূচনা ।
মনোনয়ন দাখিলৰ সময়সীমা হৈছে ১৯ জুলাই। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ সময়সীমা হৈছে ২২জুলাই, আৰু মনোনয়ন পত্ৰ সমূহ ২০ জুলাইত পুনৰীক্ষণ কৰা হ’ব।
উল্লেখযোগ্য যে, ১০ আগষ্টত অন্ত পৰিব M. Venkaiah Naidu ৰ উপ-ৰাষ্ট্ৰপতি পদৰ কাৰ্য্যকাল।