Local, Vocal, Global

এজনো ভাৰতীয় নথকা বিশ্বৰ এখন দেশ

বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে ভাৰতীয়ই প্ৰবাসী হিচাপে বাস কৰে৷ তথাপিও এনেকুৱা এখন দেশ আছে য’ত এজনো ভাৰতীয় নাথাকে৷ সেই দেশখন হৈছে “ভেটিকান চিটি”৷ ইয়াত এজনো ভাৰতীয়ৰ বাসস্থান নাই৷ মাত্ৰ ৪৪ হেক্ট্ৰৰ ক্ষেত্ৰফলেৰে আগুৰি থকা এখন দেশ ৷এই দেশখনৰ জনসংখ্যা মাত্ৰ ১০০০ জনৰ ওচৰত৷ দেশখনৰ জনসংখ্যা আৰু ক্ষেত্ৰফল ইমান কম হোৱাৰ পিছতো ভেটিকান চিটিয়ে আন্তৰাষ্ট্ৰীয় মর্যাদা লাভ কৰিছে৷ তেওঁলোকৰ মুদ্ৰা, ডাক বিভাগ, অনাতাঁৰ আদি স্বকীয়ভাবে আছে৷ খ্ৰীষ্টান ধর্মাৱলম্বীসকলৰ প্ৰসিদ্ধ ৰোমান কেথলিক গীর্জা আৰু ধর্ম গুৰু পোপৰ কাৰণে এই দেশখন বিশ্বৰ ভিতৰতে প্ৰসিদ্ধ৷ ভেটিকান চিটিৰ গীর্জাঘৰ, সংগ্ৰাহলয় আদি আকর্ষনৰ কেন্দ্ৰ৷