অচিনা দেশলৈ মেলানি মাগিলে জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰখা বশিষ্ঠ দেৱ শৰ্মাই
নিউজ ডেস্ক: ওৰে জীৱন সত্ৰীয়া সংস্কৃতিৰ সাধনা কৰি অসমীয়া জাতিক একত্ৰিত কৰি ৰখাত ব্যাপক অৰিহণা যোগোৱা বশিষ্ঠ দেৱ শৰ্মা আৰু নাই৷ স্বাস্থ্যৰ অৱনতি ঘটাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক বিগত ১০ অক্টোবৰত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ তাৰ পাছতে উন্নত চিকিৎসাৰ বাবে ১১ অক্টোবৰত বশিষ্ঠ দেৱ শৰ্মাক গুৱাহাটী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হয়৷
গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ থকাৰ সময়তে আজি মত্যুক আকোৱালি লয়৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত বশিষ্ঠ দেৱ শৰ্মাক নিয়মীয়াভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছিল৷ বশিষ্ঠ দেৱ শৰ্মাক আশু আৰোগ্যৰ বাবে বৰপেটা সত্ৰবাসীৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনেও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছিল যদিও অৱশেষত অচিনা দেশলৈ মেলানি মাগিলে৷
অসম চৰকাৰে ২০১৭ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক৷ ১৯৩৮ চনত জন্ম গ্ৰহণ কৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই সত্ৰীয়া সংস্কৃতিৰ লগতে থিয় নাম, ঘোষা, হলিগীত, নাওখেল গীত, ভাওনা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে প্ৰসাৰৰ ব্যৱস্থা কৰাৰ উপৰি নতুন দিল্লী, পাটনা, হিমাচল প্ৰদেশ দক্ষিণ ভাৰতত প্ৰদৰ্শনৰ মাধ্যমেদি সংস্কৃতি প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে।
বিভিন্ন বঁটাৰে বিভূষিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ২০১১ চনত সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা, ২০১২ চনত অসম জাতীয় বিদ্যালয়ৰ ফেল’শ্বিপ, ২০১৩ চনত শাখা সত্ৰ সমাজ বৰপেটাৰ পৰা মথুৰাদাস বুঢ়া আতা বঁটা, ২০১৪ চনত বদলা আতা সেৱা সমিতি, কমলাবাৰী সত্ৰ অসমৰ তৰফৰ পৰা বদলা পদ্মআতা সন্মান, ২০১৬ চনত সঞ্চাৰণ, যোৰহাটৰ তৰফৰ পৰা আগবঢ়োৱা শংকৰ মাধৱ সন্মান লাভ কৰিছে।