সৰভোগত আত্মসহায়ক গোটক ৬ লাখকৈ, ৮০ হিতাধীকাৰীক KCC
সৰভোগঃ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ বিত্ত বিভাগে বিত্তীয় অন্তৰ্ভুক্তিৰ সবলীকৰণ গাঁও পঞ্চায়ত পৰ্য্যায়ত অভিযান শীৰ্ষক বিশেষ কৰ্য্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। তদুপলক্ষে আজি সৰভোগৰ মিনি ষ্টিডিয়ামত ভাৰতীয় ষ্টেট বেংকৰ সৰভোগ শাখাৰ পুঠিমাৰী গাঁও পঞ্চায়তত এখন সভা অনুষ্ঠিত কৰে৷ সৰভোগৰ ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰৰ উপস্থিতিত অনুষ্ঠিত সভাত পঞ্চায়তৰ পুৰুষ-মহিলা উপস্থিত থাকে৷ প্ৰতিটো আত্মসহায়ক গোটক ছয় লাখকৈ চেক প্ৰদান কৰাৰ লগতে ৮০ জন হিতাধীকাৰীক KCC ঋণৰ শ্বেনশন লেটাৰ ক্ষুদ্ৰ মুদ্ৰা লোনৰ শ্বেনশ্বন লেটাৰ আগবঢ়াই৷
বৰপেটা জিলাত বেংক কৰ্তৃপক্ষই ১৫ অক্টোবৰ পৰা ২৬ নৱেম্বৰলৈ বৃত্তীয় অন্তৰ্ভুক্তি দ্বাৰা সবলীকৰণৰ এক বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। যিসকলে জন- আঁচনিৰ অধীনত এতিয়ালৈকে একাউণ্ট খোলা নাই আৰু তাৰ লগতে PMJJY, PMSBY অটল পেঞ্চন যোজনাত অন্তৰ্ভুক্তি হোৱা নাই আৰ্ধাৰ ৰ্কাডৰ লিংক কৰা নাই সেইসকল ৰাইজে শীঘ্ৰে আধাৰ কাৰ্ডৰ লিংক ইনসুৰেঞ্চৰ সুবিধা আৰু অন্য সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। জন-ধন একাউণ্ট শূন্য টকাতে খুলিব পাৰিব। জন-ধন একাউন্টৰ গ্ৰাহকসকলক ভাৰতীয় ষ্টেট বেংকৰ পৰা ঋণৰ যোগানৰ লগতে বিভিন্ন সুবিধাৰ লাভ কৰিব। শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভা সম্পন্ন কৰে।