Local, Vocal, Global

অসমত ভেকচিনক লৈ এক আজব ঘটনা

ৰাজ্যজুৰি চলি আছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া। কিন্তু ভেকচিন প্ৰদানৰ নামত ৰাজ্যৰ স্বাস্থ্য বিভাগে সংঘটিত কৰিলে আজৱ কাণ্ড।

একেদিনাই এগৰাকী যুৱতীক প্ৰদান কৰা হ’ল দুটাকৈ ভেকচিন। সেই ভেকচিন ল’বলৈ গৈছিল থান বিহালীৰ মহৰম আলি আৰু মহৰম আলিৰ পৰিয়াল। মহৰম আলি আৰু পৰিয়ালৰ আন সদস্য সকলে ভেকচিন লৈ নিজ ঘৰলৈ উভতি আহে যদিও মহৰম আলিৰ কন্যা মনিৰা খাতুনে অলপ পলমকৈ লৈছিল প্ৰতিষেধক। মনিৰা খাতুনে ভেকচিন গ্ৰহন কৰি প্ৰতিষেধক লৈ থকা ঠাইত তুলাৰে মোহাৰি থকা অৱস্থাতে স্বাস্থ্যকৰ্মী আহি কোনো ধৰণৰ সোধা-পোছা নকৰাকৈয়ে পুনৰ মনিৰা খাতুনক প্ৰদান কৰি দিলে আন এটা ক’ভিড ভেকচিন। তাৰ পিছতে নিশালৈ যুৱতী গৰাকীৰ স্বাস্থ্য অৱনতি ঘটে। যাৰ ফলত আতংকিত হৈ পৰে পৰিয়ালৰ লোক। ঘৰৰ সদস্যৰ তৎপৰতাত মনিৰা খাতুনক পুৱা বিহালী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। বৰ্তমান যুৱতীগৰাকীৰ স্বাস্থ্য কিছু উন্নত হয় যদিও মনিৰা বৰ্তমানেও সংকটমুক্ত নহয়।