Local, Vocal, Global

ছ’চিয়েল মিডিয়াত ভাড়াতীয়া হত্যাকাৰীৰৰ বিজ্ঞাপন

ছ’চিয়েল মিডিয়াত ভাইৰেল এজন যুৱকৰ ফটো। ভাইৰেল হোৱা ফটোখনক লৈ আৰক্ষী মহলত হূলস্থূলীয়া পৰিৱেশ। হূলস্থূলৰ কাৰণ যুৱকজনে ছচিয়েল মিডিয়াত মুকলিকৈ ভাইৰেল কৰিছে গুণ্ডামিৰ বিজ্ঞাপন। উত্তৰ প্ৰদেশৰ মুজফৰনগৰ জনপদৰ চৰথাৱল থানা অঞ্চলৰ যুৱকজনে অস্ত্ৰ-শস্ত্ৰৰ লগত ছচিয়েল মিডিয়া ছাইট ফেচবুকত নিজৰ এখন ফটো বিজ্ঞাপন আপলোড কৰিছে। বিজ্ঞাপনটোত ভাবুকি দিয়াৰ বাবে ১০০০ টকা, কাটিবলৈ ৫০০০ টকা, আঘাতপ্ৰাপ্ত কৰাৰ বাবে ১০ হাজাৰ টকা আৰু হত্যাৰ বাবে ৫৫ হাজাৰ টকা নিৰ্ধাৰণ কৰিছে যুৱকজনে। কেৱল এয়াই নহয়, ভূমি বিবাদো সমাধান কৰিব পাৰে যুৱকজনে। ছচিয়েল মিডিয়াত এই বিজ্ঞাপন ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। প্ৰাথমিক তদন্তত যুৱকজনৰ পৰিচয় PRD জোৱানৰ পুত্ৰ বুলি পৰিচয় লাভ কৰিছে আৰক্ষীয়ে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আৰক্ষী মহলৰ মাজত দেখা গৈছে ব্যাপক তৎপৰতা। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ এয়া  প্ৰথম গুণ্ডামিৰ বিজ্ঞাপন।