Local, Vocal, Global

ঋণ মৰ্টেৰিয়ামৰ সময়ত EMI দিয়াসকলৰ বাবে কেছবেক আৰম্ভ

দেৱালীৰ প্ৰাকক্ষণত বহুতৰ বাবে এটা সুখবৰ। যিসকল লোকে বেংকৰ পৰা দুই কোটি টকা পৰ্যন্ত ঋণ লৈছিল আৰু লোণ মৰ্টেৰিয়ামৰ সময়ছোৱাতো ঋণৰ কিস্তি (EMI) আদায় দিছিল সেইসকলৰ বাবে বিশেষ উপহাৰ। এক মাৰ্চৰ পৰা ৩১ আগষ্টলৈ কৰ’নাৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে বিভিন্ন ঋণৰ ক্ষেত্ৰত মৰ্টেৰিয়াম ঘোষণা কৰিছিল। অৰ্থাৎ এই সময়ছোৱাত ঋণৰ কিস্তি পৰিশোধৰ পৰা ৰেহাই দিছিল গ্ৰাহকক। অধিকাংশ ঋণ লওঁতাই এই মৰ্টেৰিয়ামৰ সুবিধা গ্ৰহণ কৰিছিল যদিও একাংশই সেই জটিল সময়ছোৱাতো ইএমআই পৰিশোধ কৰিছিল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে সুদৰ ওপৰত ধাৰ্য কৰা সুদ ৰেহাইৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু যিসকল লোকে মৰ্টেৰিয়ামৰ সময়তো ইএমআই পৰিশোধ কৰি আছিল তেওঁলোকৰ বাবে বেংকসমূহক কেছবেক আঁচনি গ্ৰহণৰ নিৰ্দেশ দিছিল RBI-এ। সেইমতে দুই কোটিৰ তলত ঋণ থকা লোকসকল যি মৰ্টেৰিয়ামৰ সময়তো ইএমআই পৰিশোধ কৰি আছিল তেওঁলোকে বিশেষ কেছবেকৰ সুবিধা পাব। সেইমতে ৫ নৱেম্বৰৰ পৰা কেছবেকৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে।