Uttarakhand violence : উত্তৰাখণ্ডত হিংসাত্মক ঘটনা; বৃদ্ধি নিহত লগতে আহতৰ সংখ্যা

নেশ্যনেল ডেস্ক,১০ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত হোৱা হিংসাত্মক ঘটনাৰ ফলত মৃতকৰ লগতে আহতৰ সংখ্যা বৃদ্ধি । বৰ্তমান উন্নত হৈছে হিংসাত্মক পৰিস্থিতিৰ । পৰিস্থিতি উন্নত হৈছে যদিও শিথিল কৰা নাই সান্ধ্য আইন । আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে দুৰ্বৃত্তৰ ওপৰত ।
উল্লেখ্য যে,বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত সংঘটিত হৈছিল হিংসাত্মক ঘটনা(Uttarakhand violence) । যাৰ ফলত বৰ্তমানলৈ প্ৰায় ৫ জনলোক নিহত হোৱাৰ লগতে আহত হয় ৩০০ৰো অধিক লোক (5 dead,300 injured, curfew imposed ) ।
বনভুলপুৰাৰ ইন্দিৰা নগৰ অঞ্চলৰ মালিকৰ বাৰীত অবৈধ মাদ্ৰাছা আৰু মছজিদ ধ্বংস কৰাক লৈ এই হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছিল। ঠাইখিনিত অবৈধ বেদখলকাৰী উচ্চেদ কৰিবলৈ প্ৰশাসন উপস্থিত হৈছিল। প্ৰশাসনৰ লগতে উপস্থিত আছিল পৌৰ আয়ুক্ত পংকজ উপাধ্যায়, নগৰ দণ্ডাধীশ ৰিচা সিং, উপ-জিলা দণ্ডাধীশ পৰিতোষ বৰ্মাকে ধৰি উচ্চপদস্থ বিষয়াসকল। উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে বৃহৎ সংখ্যক মহিলাকে ধৰি ক্ষুব্ধ স্থানীয় বাসিন্দাই ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষী তথা প্ৰশাসনৰ লোকসকলক শিল গুটি নিক্ষেপ কৰে। য’ত বহু আৰক্ষী আহত হয়। দুৰ্বৃত্তই আৰক্ষীৰে বাহনতো অগ্নি সংযোগ কৰে।পৰিস্থিতি অনিয়ন্ত্ৰিত হয় আৰু আৰক্ষীয়ে ৰাউণ্ড গুলী চালনা কৰিবলৈও বাধ্য় হয়। যাৰ ফলত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশৰ ।
এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী হালদৱানীত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয় । তাৰ পিচত মুখ্যমন্ত্ৰী ধামীয়ে বিষয়াসকলৰ সৈতে হিংসা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু শেহতীয়া পৰিস্থিতিৰ বুজ লয় । সমান্তৰালকৈ তেওঁ দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি, হালদৱানীৰ পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে । ঘটনাটোক লৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ হাতত লৈছে । আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত প্ৰায় ৫,০০০ লোকক গ্ৰেপ্তাৰ কৰিছে ।