Local, Vocal, Global

Journalist Nikhil Wagle’s car attacked by BJP workers in Pune: সাংবাদিকৰ বাহনত আক্ৰমণ বিজেপি কৰ্মীৰ;ভাঙি চুৰমাৰ বাহন

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : সাংবাদিকৰ বাহনত আক্ৰমণ বিজেপি কৰ্মীৰ । ভাঙি চুৰমাৰ সাংবাদিকৰ বাহন । ইতিমধ্যে সামজিক মাধ্যমত ভাইৰেল ভিডিঅ’ ।মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই ঘটনাটো(Journalist Nikhil Wagle’s car attacked by BJP workers in Pune) ।

পুনেত বিজেপি কৰ্মীৰ গুণ্ডাগিৰি । সাংবাদিকৰ বাহন ভাঙি চুৰমাৰ কৰিলে বিজেপি কৰ্মীয়ে। দেশজুৰি ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ ।

শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনাটো । শুকুৰবাৰে সন্ধিয়া নিখিল ৱাগলেয়ে নামৰ এজন সাংবাদিকে পুনেলৈ ভ্ৰমণ কৰি আছিল । সেই সময়তে বিজেপিৰ কৰ্মীয়ে সাংবাদিকজনলৈ লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে আৰু তেওঁৰ বাহনৰ খিৰিকী ভাঙি চূৰমাৰ কৰে(Journalist Nikhil Wagle Allegedly Attacked By BJP Workers In Pune) ।

এই সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হৈছে । ভিডিঅ’ত দেখা অনুসৰি বিজেপি কৰ্মীসকলে বাহনখনৰ চাৰিওফালে চিয়াঁহী নিক্ষেপ কৰে আৰু বাহনখনৰ খিৰিকীবোৰ ৰডেৰে ভাঙি দিয়ে লগতে লোকসকলে ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়ে ।

লগতে পঢ়ক : Uttarakhand violence : উত্তৰাখণ্ডত হিংসাত্মক ঘটনা; বৃদ্ধি নিহত লগতে আহতৰ সংখ্যা