Local, Vocal, Global

Dead Body Recovered : খালত পৰি থকা অৱস্থাত উদ্ধাৰ ফ্লিপকাৰ্ডৰ ডেলিভাৰী বয়ৰ মৃতদেহ

সোণাৰী, ১০ ফেব্ৰুৱাৰী : ৰাজ্যৰ পুনৰ উদ্ধাৰ মৃতদেহ । এইবাৰ ফ্লিপকাৰ্ডৰ ডেলিভাৰী বয়ৰ মৃতদেহ উদ্ধাৰ ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Body Recovered ) ।

এইবাৰ সোণাৰীত উদ্ধাৰ ৰহস্যজনক মৃতদেহ । সোণাৰীৰ থুকুবিলত উদ্ধাৰ ফ্লিপকাৰ্ডৰ ডেলিভাৰী বয়ৰ মৃতদেহ । মৃত যুৱকজনৰ নাম পিংকু চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত থুকুবিলত সংঘটিত হৈছে এই ঘটনাটো ।পৰিয়ালৰ লোকৰ মতে নিশা অজ্ঞাত ব্যক্তিয়ে ফোন কৰি ঘৰৰ পৰা মাতি নিছিল পিংকুক। ঘৰলৈ ঘুৰি নহাত বিচাৰ খোছাৰ কৰিও সন্ধান পোৱা নাছিল যুৱকজনৰ(Dead Body Recovered in Sonari) ।

অৱশেষত আজি পুৱা যুৱকজনৰ মৃতদেহ খাল এটাত পৰি থকা অৱস্থাত উদ্ধাৰ হয়।পৰিয়ালৰ লোকে যুৱক জনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : 93th Srimanta Sankardeva Sangha Convention : আজি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ দ্বিতীয়টো দিন