Local, Vocal, Global

Uttarakhand Helicopter Crash : উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা;নিহত ৫জন,আহত দুজন

নিউজ ডেস্ক,৮মে’ : বৃহস্পতিবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গংগানানীৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত।

এই হেলিকপ্টাৰ দুৰ্ঘটনাটোত ৫জন পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হয়।

জানিব পৰা মতে,হেলিকপ্টাৰেৰে গংগোত্ৰী ধামলৈ গৈ আছিল যাত্ৰীসকল(Uttarakhand Helicopter Crash)।

এই ঘটনাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি লিখে, ‘ভগৱানে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালসমূহক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।’

লগতে পঢ়ক : WATCH | Tahir Iqbal : ‘আল্লাই পাকিস্তানক ৰক্ষা কৰক’