Local, Vocal, Global

WATCH | Silchar News : সামজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত পোষ্ট কৰি শিলচৰত গ্ৰেপ্তাৰ হ’ল এজন যুৱক

শিলচৰ,৮মে’ : সামজিক মাধ্যমত পাকিস্তান সমৰ্থনত পোষ্ট কৰি শিলচৰত গ্ৰেপ্তাৰ হ’ল এজন যুৱক। শিলচৰৰ ঘুংঘুৰ আউটপোষ্টত গ্ৰেপ্তাৰ হয় নাচিম লস্কৰ নামৰ যুৱকজন।

ঘটনা অনুসৰি শিলচৰৰ দুৰ্গা পল্লীৰ বাসিন্দা নাছিম লস্কৰ নামৰ এজন যুৱকে ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থক পোষ্ট এটা শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল যে ইছলাম বিজয়ী হ’ব পাকিস্তান জিন্দাবাদ। এই পোষ্টটো দেখাৰ লগে লগে স্থানীয় যুৱক-যুৱতীসকলে ঘুংঘুৰ আউটপোষ্টক অৱগত কৰে(Silchar News)। এই তথ্য লাভ কৰাৰ লগে লগে ঘুংঘুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে এটা দলৰ সৈতে সেই স্থানত উপস্থিত হৈ নাচিম লস্কৰ নামৰ যুৱকজনক আটক কৰি থানালৈ লৈ যায়।

সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলে প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে যে দেশদ্ৰোহী কাৰ্যত লিপ্ত হোৱা নাছিম লস্কৰক কঠোৰতম শাস্তি দিব লাগে।

লগতে পঢ়ক : Uttarakhand Helicopter Crash : উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা;নিহত ৫জন,আহত দুজন