উত্তৰ প্ৰদেশৰ খেৰীৰ ঘটনাক লৈ শাসক–বিৰোধীৰ মাজত চলিছে বোকা চটিওৱাৰ ৰাজনীতি
উত্তৰ প্ৰদেশৰ খেৰীত কৃষক হত্যাৰ পিছতে গৰম গৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি। কৃষক হত্যাৰ প্ৰতিবাদত কংগ্ৰেছ তথা অন্য বিৰোধী দলসমূহে বিজেপি চৰকাৰক ইয়াৰ বাবে জগৰীয়া কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নিহত কৃষকৰ পৰিয়াললৈ ক্ষতিপূৰণৰ লগতে চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে। কিন্তু নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰাজনৈতিক দলসমূহে কৃষক হত্যাৰ আলম লৈ আৰম্ভ কৰিছে বোকা চতিওৱাৰ ৰাজনীতি।
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে খেৰী হত্যাকাণ্ডক লৈ বিজেপি চৰকাৰক স্বেচ্ছাচাৰী আখ্যা দি সমালোচনা কৰে |উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ নাথ সিঙে ৰাহুল গান্ধীক সমালোচনা কৰি কয়, “স্বাধীন ভাৰতৰ ইতিহাসত কংগ্ৰেছৰ শাসনকালতে সৰ্বাধিক শিখক হত্যা কৰা হৈছিল। ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধত উত্তৰ প্ৰদেশত নিৰ্বিচাৰে বহু নিৰীহ শিখক হত্যা কৰা হৈছিল। অৱশ্যে তেতিয়া ৰাহুল গান্ধী শিশু আছিল। কিন্তু মোডী চৰকাৰে শিখৰ সুৰক্ষাৰ বাবে CAA আনিছিল আৰু কংগ্ৰেছে ইয়াৰো বিৰোধিতা কৰিছিল। এতিয়া সেই কংগ্ৰেছেই ভোটৰ স্বাৰ্থত উত্তৰ প্ৰদেশত শিখৰ মৃত্যুত ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ আহিছে। প্ৰকৃততে ৰাহুল গান্ধীয়ে ভনীয়েক প্ৰিয়ংকাক লৈ পৰ্যটনৰ বাবেহে উত্তৰ প্ৰদেশলৈ আহিছে।”
সম্বিত পাত্ৰই ৰাহুল গান্ধীক সমালোচনা কৰি কয়,”ৰাহুল গান্ধীয়ে নিজৰ কৰ্মকাণ্ডৰে সদায় এগৰাকী দায়িত্বজ্ঞানহীন নেতাৰ পৰিচয় দি আহিছে। ৰাহুল গান্ধীয়ে মৰণোত্তৰ পৰীক্ষাৰ ওপৰত প্ৰশ্ন তুলি পুনৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে। কাৰণ মৰণোত্তৰ পৰীক্ষাৰ ওপৰত প্ৰশ্ন তুলিবলৈ ৰাহুল গান্ধী চিকিৎসক নহয় আৰু ইয়াৰ বিষয়ে তেওঁৰ কোনো জ্ঞান নাই।”