উত্তৰপ্ৰদেশত পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন-১২ খন জিলাৰ ৬১ টা সমষ্টিত ভোটগ্ৰহণ

নিউজ ডেস্ক, ২৭ ফ্ৰেব্ৰুৱাৰীঃ আজি উত্তৰ প্ৰদেশৰ পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰম্ভ হৈছে। ১২খন জিলাৰ ৬১টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
ৰাজ্যখনত বিজেপি, সমাজবাদী পাৰ্টী, কংগ্ৰেছ আৰু বহু সমাজপাৰ্টীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দীতা দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত কেইবাগৰাকী প্ৰভাৱশালী নেতাও প্ৰতিদ্বন্দীতা আগবঢ়াইছে। সেই প্ৰভাৱশালী নেতাসকলৰ ভিতৰত আছে- উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, মন্ত্ৰী সিদ্ধাৰ্থ নাথ সিং, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰাধনা মিশ্ৰকে ধৰি কেইবাগৰাকী প্ৰাৰ্থী।