পুনৰ মহানগৰীত ড্ৰাগছ জব্দ-আটক ৩জন

নিউজ ডেস্ক,২৬ ফ্ৰেব্ৰুৱাৰীঃ শনিবাৰে গুৱাহাটীত অসম আৰক্ষীয়ে ড্ৰাগছ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰকাৰীসকল হ’ল চান্দমাৰীৰ আকাশীনগৰৰ বিকাশ দাস, চান্দমাৰীৰ গণেশ মন্দিৰ পথৰ বাসিন্দা ৰহমান খান আৰু হাতীগাঁৱৰ এনি জৰ্জ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে সন্দেহজনক হেৰোইন থকা ১০টা চাবোন, হেৰোইন থকা ২৪টা ভাইল, ৪টা খালী ভাইল আৰু এটা মোবাইল ফোন জব্দ কৰে।