Local, Vocal, Global

Utility Pole Crushes Man On Scooty At Kahilipara : স্কুটি লৈ গৈ থকা অৱস্থাতে বিদ্যুৎ পৰিবাহী খুটা বাগৰি মৃত্যু পথচাৰীৰ

নিউজ ডেস্ক,১১জুন : কাহিলীপাৰাত শোকাৱহ দুৰ্ঘটনা। কাহিলীপাৰাত ৰাস্তাৰে স্কুটি লৈ গৈ থকা অৱস্থাতে এজন লোকৰ গাত বাগৰি পৰে বিদ্যুৎ পৰিবাহী খুটা।

সন্তানক টিউচনৰ পৰা আনিবলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই কৰুণ ঘটনাটো । লগে লগে মৃত্যু সাৱতি লয় লোকজনে । মৃত লোক জিতু হাজৰিকা আৰু বয়স ৩৮ বছৰ বুলি জানিব পৰা গৈছে( Utility Pole Crushes Man On Scooty At Kahilipara)।

এই মৰ্মান্তিক ঘটনাৰ পিছতে মহানগৰীত বিদ্যুৎ বিভাগৰ নিম্ন মানৰ কাম আৰু বিভাগীয় গাফিলতিৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে সচেতন মহলে।

জানিব পৰা মতে, বহুদিন পূৰ্বেই ম্যাদ উকলিছিল বাগৰি পৰা সেই বিদ্যুৎ পৰিবাহী খুঁটাটোৰ। কিন্তু বিদ্যুৎ বিভাগে সেই স্পৰ্শকাতৰ বিষয়টো গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। লোকজনৰ ঘৰ কাহিলীপাৰাৰ লোকবন্ধু নগৰত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Road Accident in Dergaon : ৰৈ থকা ট্ৰাকত খুন্দা এখন তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ;নিহত এজন,আহত এজন