Local, Vocal, Global

3 teenage girls missing in Jamugurihat : জামুগুৰিহাটত একেদিনাই সন্ধানহীন তিনি গৰাকীকৈ কিশোৰী

নিউজ ডেস্ক,১১জুন : জামুগুৰিহাটৰ ভৰলী চাপৰিত চাঞ্চল্যকৰ ঘটনা৷ ৫জুনৰ পৰা সন্ধানহীন তিনি গৰাকীকৈ কিশোৰী ।

সন্ধানহীন কিশোৰী তিনিগৰাকী আচমা খাতুন, মাইনা খাতুন, চৰুফা খাতুন বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, ৫জুনৰ বিয়লি গাঁৱখনৰ কিশোৰী তিনি গৰাকী ঘৰৰ পৰা ওলাই গৈছিল আৰু আজি পৰ্যন্ত ঘৰলৈ উভতি নাহিল। ভৰলী চাপৰী গাওঁ নিৱাসী ১৪ বছৰীয়া আচমা খাতুন,মাইনা খাতুন আৰু ১৫ বছৰীয়া চৰুফা খাতুনৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়াল বৰ্গই(3 teenage girls missing in Jamugurihat) ৷

স্থানীয় ৰাইজে আৰু পৰিয়ালে দাবী কৰা অনুসৰি কোনো দুষ্ট চক্ৰই কিশোৰী তিনিগৰাকীক ফুচুলাই নি নাৰী দেহ চক্ৰৰ হাতত বিক্ৰী কৰিছে ৷

এই সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ৷ নিৰুদ্দেশ হোৱা কিশোৰা তিনিগৰাকীৰ এগৰাকী কিশোৰীৰ কাপোৰ এটা পুখুৰীৰ পাৰত উদ্ধাৰ হয় যিয়ে এতিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক : Utility Pole Crushes Man On Scooty At Kahilipara : স্কুটি লৈ গৈ থকা অৱস্থাতে বিদ্যুৎ পৰিবাহী খুটা বাগৰি মৃত্যু পথচাৰীৰ