Local, Vocal, Global

WATCH | US Vice President J D Vance arrives in New Delhi : চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স

নিউজ ডেস্ক,২১এপ্ৰিল : চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ বাবে সোমবাৰে নতুন দিল্লীত উপস্থিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স । ভ্যান্সৰ সৈতে ভাৰতীয় মূলৰ পত্নী উষা চিলুকুৰি আৰু তেওঁলোকৰ তিনি সন্তান ইভান, বিবেক, মিৰাবেল আৰু আমেৰিকা চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ এটা প্ৰতিনিধি দলো আছে ।

পুৱা প্ৰায় ১০ বজাত দিল্লীৰ পালাম এয়াৰবেছত আমেৰিকান নেতাগৰাকীৰ আগমনৰ লগে লগে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আদৰণি জনাই আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক । ছ’চিয়েল মিডিয়াত এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স, তেওঁৰ পত্নী উষা ভ্যান্স আৰু আমেৰিকাৰ প্ৰতিনিধি দলটোক অতি উষ্ম আদৰণি জনোৱা হৈছে(US Vice President J D Vance arrives in New Delhi)।

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভ্যান্সে ভাৰতীয় মূলৰ পত্নী উষা ভ্যান্সৰ সৈতে বিমান বন্দৰত অৱতৰণ কৰা সময়ত দম্পতীটোৰ তিনি সন্তানে নিজৰ সাজ-পোছাকেৰে উপস্থিত লোকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল । ইভান, বিবেক আৰু কণমানি মেৰিবেলে ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিছিল ৷ দুই পুত্ৰই ক্ৰমে নীলা আৰু উজ্জ্বল হালধীয়া ৰঙৰ কুৰ্তা-পায়জামা আৰু কণমানি কন্যা সন্তানে নীলা ৰঙৰ এম্ব্ৰয়দাৰী কৰা অনাৰকলি জেকেট ছুট পৰিধান কৰি আহিছিল ।

ইফালে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰঙা টাইৰ সৈতে ক্লাছিক নেভি ব্লু ছুট পিন্ধিছিল, আনহাতে উষা ভ্যান্সক বগা অভাৰকোটৰ সৈতে ৰঙা বডিকন ড্ৰেছত মাৰ্জিত দেখা গৈছিল ।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘চৰকাৰী চাকৰিৰ নামত টকা লোৱা হ’লে ১৫ হাজাৰ কোটি টকাৰ মালিক হ’লোহেঁতেন মই’