Local, Vocal, Global

শ্বপিং ম’লত অজ্ঞাত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণ

আমেৰিকাৰ উইছকনছিনৰ ৱাওৱাটোচাৰ এক শ্বপিং ম’লত শুকুৰবাৰে অজ্ঞাত বন্দুকধাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। এই ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও আহত হৈছে ৮জন লোক। ঘটনা সংঘটিত কৰি পলাই যায় দুৰ্বৃত্তই। চিচি টিভিৰ ফুটেজৰ আধাৰত বন্দুকধাৰীটোক চিনাক্তকৰণৰ চেষ্টা চলাই আছে আৰক্ষীয়ে।

শুকুৰবাৰে বিয়লি ৩ বজাত সংঘটিত এই ঘটনাৰ খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী। কিন্তু তাৰ পূৰ্বেই পলায়ন দুৰ্বৃত্তৰ। আৰক্ষীৰ সূত্ৰৰ মতে শ্বেতাংগ সেই বন্দুকধাৰীৰ বয়স ২০-৩০ৰ ভিতৰত। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, যাৰ মাজত আছে এজন নাবালকো।