Local, Vocal, Global

কাবুলত ধাৰাবাহিক বিস্ফোৰণ, ৰকেট আক্ৰমণ

ধাৰাবাহিক বিস্ফোৰণত আকৌ এবাৰ কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুল। কাবুল চহৰৰ গ্ৰীন জ’ন এলেকাত বিস্ফোৰণ আৰু ৰকেট আক্ৰমণত এজন নিহত হোৱাৰ চৰকাৰী তথ্য প্ৰকাশ পাইছে যদিও হতাহত বৃদ্ধি হোৱাৰ আশংকা। ঘন জনবসতিপূৰ্ণ গ্ৰীন জ’ন অঞ্চলত আছে দেশী-বিদেশী অনেক সংস্থাৰ কাৰ্যালয়। সেয়েহে এই বিস্ফোৰণক লৈ এতিয়া আতংকিত সমগ্ৰ কাবুলবাসী। আক্ৰমণৰ দায়িত্ব এইপৰ্যন্ত কোনেও স্বীকাৰ কৰা নাই। নিহতজন এজন আৰক্ষীৰ লোক বুলি জনাইছে গৃহ মন্ত্ৰ্যালয়ে। মাৰ্কিন বিদেশ সচিব মাইক মম্পিউৰ সৈতে তালিবানৰ মধ্যস্থতাকাৰীৰ দলে আলোচনাত বহাৰ কথা চলিছে। সেই আলোচনাত আফগান চৰকাৰেও অংশ ল’ব। এই অগ্ৰগতিৰ বাবেই তালিবানে প্ৰকাশ কৰিছে যে তেওঁলোকে জনবহুল এলেকাত কোনো আক্ৰমণ নচলায়। তেনেস্থলত শনিবাৰৰ এই আক্ৰমণৰ ঘটনাত কোন জড়িত সেয়া এতিয়াও অস্পষ্ট।