Local, Vocal, Global

Trump convicted of sexual assault: যৌন নিৰ্যাতনৰ গোচৰত ড’নাল্ড ট্ৰাম্পক দোষী সাব্যস্ত, ৫০ লাখ ডলাৰৰ জৰিমনা

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ মে‘: নব্বৈৰ দশকতে এগৰাকী লেখিকা ই জিন কেৰলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক দোষী সাব্যস্ত কৰিছে (Trump convicted of sexual assault) । আমেৰিকাৰ জুৰীয়ে তথ্য লাভ কৰা অনুসৰি, নব্বৈৰ দশকত ড’নাল্ড ট্ৰাম্পে লেখিকা ই জিন কেৰলক যৌন নিৰ্যাতন চলাইছিল । ইয়াৰ ওপৰিও ট্ৰাম্পে লেখিকাগৰাকীক মিছলীয়া আখ্যা দি জনমানসত তেওঁক হেয় প্ৰতিপন্ন কৰিছিল । দেৱানী আদালতত হোৱা সাত দিনীয়া বিচাৰৰ অন্তত জুৰিয়ে মঙলবাৰে বিয়লি মানহাটান ফেডাৰেল আদালতত এই ৰায়দান ঘোষণা কৰে । শেহতীয়াকৈ আমেৰিকাৰ জুৰীয়ে দোষী সাব্যস্ত কৰি প্ৰদান কৰা এই ৰায়দানে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আগন্তুক ২০২৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাব ।

কেৰলে অভিযোগ কৰে যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ১৯৯০ চনৰ মাজভাগত নিউয়ৰ্ক চহৰৰ এখন ডিপাৰ্টমেণ্ট ষ্ট’ৰত তেওঁক যৌন নিৰ্যাতন চলাইছিল আৰু তাৰ পিছত তেওঁৰ অভিযোগক উলাই কৰি জনমানসত তেওঁক হেয় প্ৰতিপন্ন কৰিছিল । মঙলবাৰে ৯ জনীয়া জুৰীৰ দলটোৱে সকলো তথ্য পৰ্যবেক্ষণ কৰি নিশ্চিত হৈছিল যে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কেৰলক ধৰ্ষণ কৰা নাছিল । কিন্তু যদিও ট্ৰাম্পে লেখিকাগৰাকীক চলোৱা যৌন নিৰ্যাতন আৰু মানহানিৰ বাবে জগৰীয়া ঘোষণা কৰে (Former president Donald Trump sexually abused E Jean Carroll)। জুৰিসকলে এলে নামৰ আলোচনীখনৰ প্ৰাক্তন স্তম্ভলেখকগৰাকীক প্ৰায় ৫০ লাখ ডলাৰৰ ক্ষতিপূৰণ আৰু শাস্তিমূলক ক্ষতিপূৰণৰ অধিকাৰী বুলি বিবেচনা কৰে ।

আদালতে কয়, যিহেতু ই এটা দেৱানী গোচৰ, তেনে ক্ষেত্ৰত ট্ৰাম্পে কোনো ধৰণৰ অপৰাধমূলক শাস্তিৰ সন্মুখীন নহ’ব । ইফালে মঙলবাৰে ট্ৰাম্পৰ মুখপাত্ৰ ষ্টিভেন চেউঙে উল্লেখ কৰে যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে জুৰিৰ এই ৰায়দানক প্ৰত্যাহ্বান জনাই আদালতক আবেদন কৰিব আৰু যেতিয়ালৈকে এই ৰায়দানক প্ৰত্যাহ্বান জনোৱাৰ অন্তত পুনৰ বিচাৰ হ’ব, তেতিয়ালৈকে তেওঁলোকে ক্ষতিপূৰণ দিব নালাগিব । ইফালে মঙলবাৰে ৰায়দান ঘোষণা কৰাৰ পাছত ছানগ্লাছ পৰিহিত কেৰলে হাঁহি হাঁহি ক’ৰ্টৰ পৰা ওলাই আহিছিল ।

পিছত কেৰলে দিয়া এক লিখিত বিবৃতিত উল্লেখ কৰে যে, মই মোৰ ওপৰত থকা অপবাদ নাইকিয়া কৰি এক স্বাভাৱিক জীৱন ঘূৰাই পাবলৈ ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই গোচৰ তৰিছিলো। আৰু অৱশেষত আজি পৃথিৱীবাসীয়ে সত্যটো জানিব পাৰিছে । আজিৰ এই জয় কেৱল মোৰেই নহয়, কষ্ট ভোগ কৰি থকা প্ৰতিগৰাকী মহিলাৰ বাবে হ’ব এই জয় ।

উল্লেখ্য যে, এই গোচৰৰ শুনানিৰ সময়ত ট্ৰাম্প জুৰীৰ সন্মুখত হাজিৰ হোৱা নাছিল । মাত্ৰ ৰায়দানৰ পিছত ছ’চিয়েল চাইটত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিলে যে, তেওঁ কেৰলক চিনি নাপায় ।