Local, Vocal, Global

Jorhat porn incident: অশ্লীল ছবি নিমাৰ্ণৰে জড়িত যোৰহাটৰ যুৱক-যুৱতীক ন্যায়িক জিন্মালৈ প্ৰেৰণ

যোৰহাট, ১০ মে’: অশ্লীল ছবি নিৰ্মাণৰে জড়িত যোৰহাটৰ যুৱতীগৰাকী আৰু অভিষেক কাশ্যপক ন্যায়িক জিম্মালৈ প্ৰেৰণ । ৩ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাত মঙলবাৰে দুয়োকে হাজিৰ কৰোৱা হৈছিল আদালতত । আৰক্ষীয়ে পুনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে দুয়োকে প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ ।

ইতিমধ্যেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল এই অশ্লীল কাণ্ডৰ লগত জড়িত আনজন অভিযুক্ত কিশলয় শৰ্মাক । ইফালে এই অশ্লীল ছবি নিৰ্মাণৰ লগত এখন আগশাৰীৰ মহাবিদ্যালয়ৰ তিনিজনকৈ শিক্ষাৰ্থী পৃথকে পৃথকে জড়িত থকাৰ ঘটনা পোহৰলৈ অহাৰ পাছত যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যখনতে প্ৰতিক্ৰিয়া অৱ্যাহত আছে (Students arrested for making porn) ।

উল্লেখ্য যে যোৰহাটৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি এই ভিডিঅ’বোৰ বিভিন্ন পৰ্ণ ছাইটত আপলোড কৰি আহিছিল । ইতিমধ্যে যোৰহাট আৰক্ষীয়ে যোৰহাট নগৰস্থিত এখন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আৰু আন দুখন বেলেগ মহাবিদ্যালয়ৰ দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছিল (Girl among two college students arrested) ।

এই সমগ্ৰ ঘটনা এজন ৭২ বছৰীয়া লোকে আত্মহত্যা কৰাৰ পাছতে পোহৰলৈ আহিছিল । জিলাখনৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ঢেকেলিয়া গাঁৱৰ ৭২ বছৰীয়া লোকজনৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হৈ কৌশলেৰে সেই ভিডিঅ’ প্ৰস্তুত কৰিছিল ছাত্ৰীগৰাকীয়ে । ইয়াৰ পাছতে সেই ভিডিঅ’ সামাজিক মাধ্যমৰ জড়িয়তে ভাইৰেল হৈ পৰাত লোকজনে যোৱা ৫ মে’ৰ বিয়লি আত্মহত্যাৰ পথ বাছি লৈছিল (Elderly people commit suicide)।

এই ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছিল সমগ্ৰ অঞ্চলটো। অঞ্চলটোৰ মহিলাসকল ওলাই আহি ঘটনাৰ উচিত তদন্ত বিচাৰি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰিবলৈ দাবী কৰিছিল । আৰক্ষীয়ে ইয়াৰ পাছতে এই অশ্লীল ভিডিঅ’ নিৰ্মাণ কাণ্ডৰে জড়িত ছাত্ৰীগৰাকীৰ লগতে আন দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছতে যুৱতীগৰাকীয়ে নিৰ্মাণ কৰা বহুকেইটা অশ্লীল ভিডিঅ’ বেলেগ বেলেগ পৰ্ণ ছাইটত দিয়াৰ তথ্য পোহৰলৈ আহে (Porn videos upload to different porn sites)। ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে এজন ছাত্ৰৰ লেপটপটো জব্দ কৰাৰ পাছত সেই লেপটেপৰ পৰা বহুকেইটা ভিডিঅ’ নানানটা পৰ্ণ ছাইটত আপলোড দিয়াৰ তথ্য লাভ কৰিছে ।

লগতে পঢ়ক : Imran Khan arrested: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ