Local, Vocal, Global

Water bio-treatment process in Guwahati: শিলসাঁকো বিলৰ পানীৰ জৈৱ পৰিশোধন প্ৰক্ৰিয়াৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

গুৱাহাটী, ১০ মে’: অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে বুধবাৰে শিলসাঁকো বিলৰ চৌহদত বিলৰ পানীৰ বিশুদ্ধকৰণ বা জৈৱ পৰিশোধন প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Assam Government Minister Ashok Singhal) । মন্ত্ৰীগৰাকীয়ে লগতে বাহিনী নদীৰ পানী শিলসাঁকো বিললৈ বোৱাই অনা প্ৰক্ৰিয়াৰ আৰ্হিও প্ৰত্যক্ষ কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে জলাশয়, আৰ্দ্ৰভূমি আদি ভৱিষ্যত প্ৰজন্মৰ সম্পদ, আমি মাথোঁ ইয়াৰ ৰখীয়াহে । প্ৰকৃতিৰ এই অনুপম সম্পদসমূহ উপযুক্ত ৰূপত সংৰক্ষণ নকৰিলে প্ৰকৃতিয়ে ভাৰসমতা হেৰুৱাব আৰু ভৱিষ্যত প্ৰজন্মই তাৰ বিৰূপ ফল ভোগ কৰিব লাগিব (Bio-treatment process of water in Guwahati) ।

নিজৰ শৈশৱৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা ৫০ বছৰ পূৰ্বে মহানগৰীৰ ভৰলু নৈত মানুহে সাঁতুৰি-নাডুৰি গা ধুব পাৰিছিল । কিন্তু অবাধ বেদখল, প্ৰদূষণ আদি আমাৰ কৃতকৰ্মৰ ফলত আজি ভৰলু নদী গুছি এক নলালৈ পৰিৱৰ্তিত হৈছে। প্ৰকৃতি ধ্বংসৰ বিৰূপ প্ৰভাৱৰ ফলতেই গোলকীয় উষ্ণতা বৃদ্ধিৰ সমান্তৰালভাৱে আমাৰ ৰাজ্যখনতো বছৰি অসহনীয় গৰমে ৰাইজক জ্বলা-কলা খুৱাইছে বুলি তেওঁ মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গ্ৰহণ কৰা শিলসাঁকো বিলৰ বায়’ৰিমিডিয়েচন প্ৰক্ৰিয়াৰ লগতে বিলৰ খনন, গেদমুক্তকৰণ, পৰিষ্কৰণ আৰু বিভিন্ন বৈজ্ঞানিক প্ৰতিকাৰমূলক ব্যৱস্থাৰ জৰিয়তে ইয়াৰ পানী ধৰি ৰখা ক্ষমতা তথা পানীৰ গুণাগুণ বৃদ্ধি কৰিব ।

ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে বোন্দাত উপস্থিত হৈ বোন্দাজান পাম্পিং হাউচো পৰিদৰ্শন কৰে (Bondajan Pumping House) । শিলসাঁকো বিলৰ পৰা বৈ অহা এই জানৰ জৰিয়তে বিলখনৰ অতিৰিক্ত পানী বাৰিষা ব্ৰহ্মপুত্ৰলৈ বৈ যায় । কৃত্ৰিম বানৰ সময়ত এই পানীৰ খৰতকীয়া নিষ্কাষণৰ বাবে বোন্দাজান পাম্পিং হাউচত অতিৰিক্ত কেইটামান পাম্পৰ সংযোজনেৰে পাম্প হাউচটোৰ শক্তিশালীকৰণ কৰা হৈছে। এই পদক্ষেপৰ ফলত এতিয়া এই পাম্প হাউচৰ পৰিয়তে প্ৰতি ছেকেণ্ডত ৩৫০০ লিটাৰ পানী ব্ৰহ্মপুত্ৰলৈ বোৱাই নিব পৰা যাব বুলি প্ৰকল্পৰ দায়িত্বত থকা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে (Guwahati Metropolitan Development Authority official) ।

বুধবাৰৰ এই কাৰ্যসূচীত জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, উপাধ্যক্ষ মুকুতা ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়া কৌশৰ হিলালী, পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ লগতে বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।