Local, Vocal, Global

UPSC CSE Exam Results 2023 Declared : UPSCৰ পৰীক্ষাত জিলিকিল অসমৰ কেইবাগৰাকীও প্ৰাৰ্থী

নিউজ ডেস্ক, ১৬এপ্ৰিল : UPSCৰ পৰীক্ষাত জিলিকিল অসমৰ কেইবাগৰাকীও প্ৰাৰ্থী। UPSCত জিলিকিল অভিজ্ঞান হাজৰিকা, ঈশ্বৰী ডেকা, ভাস্বত শইকীয়া, কল্লোল হাজৰিকা, ৰিতুৰাজ শৰ্মা আৰু ৰিকি লহকৰ নাম। অভিজ্ঞান শইকীয়াই ১৭২ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ঈশ্বৰী ডেকাই লাভ কৰে ৩২০সংখ্যক স্থান। ইফালে, ভাস্বত শইকীয়াই ৫৫২সংখ্যক স্থান, কল্লোল হাজৰিকাই ৯৯২সংখ্যক স্থান আৰু ৰিকি লহকৰ প্ৰধানে ২৩০সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়(UPSC CSE Exam Results 2023 Declared)।

ভাস্বত শইকীয়াৰ ঘৰ নগাঁৱত। কেন্দ্ৰীয় লোকসেৱা আয়োগ ২৩ৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰব কঢ়িয়াই আনিলে ভাস্বত শইকীয়াই । নগাঁৱৰ দিফলুৰ ভাস্বত শইকীয়াই ইউ পি এছ চিৰ পৰীক্ষাত ৫৫২সংখ্যক স্থান লাভ কৰি সাফল্য দেখুৱাবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ভাস্বতে আই পি এছ পাইছে । ভাস্বতৰ এই সাফল্যত আনন্দিত নগাঁৱৰ বিদ্যত সমাজ । মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰা ভাস্বতৰ পিতৃৰ নাম বীৰেন্দ্ৰ নাথ শইকীয়া আৰু মাতৃ দিব্যজ্যোতি শইকীয়া । গুৱাহাটী আই আই টিৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতক আই পিএছ ভাস্বত শইকীয়া(UPSC CSE Exam Results 2023 Declared) ।

ঈশ্বৰী ডেকাৰ ঘৰ তেজপুৰত। তেজপুৰ নিবাসী ড০ ৰনেন্দ্ৰমোহন ডেকাৰ কন্যা ঈশ্বৰী ডেকা। আনহাতে, ৰিতুৰাজ শৰ্মাৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে। ৰিতুৰাজ শৰ্মাই লাভ কৰিছে ৪৬২সংখ্যক স্থান।

আজি ঘোষিত ফলাফলত শীৰ্ষস্থানত জিলিকি উঠিল লক্ষ্ণৌৰ আদিত্য শ্ৰীবাস্তৱ। আনহাতে দ্বিতীয় স্থান দখল কৰে অনিমেশ প্ৰধানে। তৃতীয় স্থান দখল কৰে অনন্যা দেৱীয়ে। উল্লেখ্য যে ১০১৬গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত ৩৪৭ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১১৫গৰাকী EWSৰ, ৩০৩গৰাকী OBS, ১৬৫গৰাকী SC, আৰু ৮৬গৰাকী STপ্ৰাৰ্থী।

লগতে পঢ়ক : Tragic accident in Patna, Bihar : JCB আৰু অট’ৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত ৭জন, আহত এজন