Local, Vocal, Global

Rhino menace in Golaghat : ৰাজ্যত অব্যাহত গঁড়ৰ আতংক

নিউজ ডেস্ক,১৬ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino menace in Golaghat )।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী।

ৰাজ্যত পুনৰ গঁড়ৰ আতংক ৷ জানিব পৰা মতে, গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত আলামি আৰু ৰোহিতা চাপৰি অঞ্চলত গঁড়ৰ আতংকই নিদ্ৰাহৰণ কৰিছে স্থানীয় লোকৰ । মঙলবাৰে আলামিৰ ৰোহিতা চাপৰিত গঁড় খেদিবলৈ বনবিভাগে ব্যৱহাৰ কৰে স্থানীয় এজন কৃষকৰ টেক্টৰ ৷ গঁড়ৰ আক্ৰমণত উক্ত টেক্টৰখনৰ ক্ষতিসাধন হয় বুলি স্থানীয় লোকে উল্লেখ কৰে ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, গোলাঘাট জিলাৰ এটি বন বিভাগৰ দলে গঁড়টো কাজিৰঙালৈ খেদি পঠাবলৈ চেষ্টা কৰি আছিল ৷ তেনেতে ৰোহিতা চাপৰি অঞ্চলত গঁড়টোৱে টেক্টৰখনক আক্ৰমণৰ লক্ষ্য কৰি লয় । গঁড়ৰ আক্ৰমণত টেক্টৰখনত থকা এজন বনকৰ্মীৰ লগতে আন ৫ জন লোকৰ জীৱন কথমপি ৰক্ষা পৰে ।

বন বিভাগে জানিবলৈ দিয়া অনুসৰি গঁড়টো যথেষ্ট ভাগৰুৱা হোৱাৰ লগতে বন বিভাগ তথা স্থানীয় লোকে গঁড়টোক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবৰ চেষ্টা কৰি থকাৰ ফলতে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে গঁড়টো ।

উল্লেখ্য যে, শুকুৰবাৰে পুৱাৰ ভাগত দেৰগাঁৱৰ গেলাবিল নদীৰ সমীপতো পৰিলক্ষিত হৈছিল গঁড়ৰ আতংক ৷ শুকুৰবাৰে পুৱাই দেৰগাঁৱৰ গেলাবিল নদীৰ সমীপত এজন যুৱকক গুৰুতৰভাৱে আহত কৰিছিল এটা গঁড়ে ৷ ৰঙামাটি অঞ্চলত মুক্ত বিচৰণ কৰি থকা গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবৰ বাবে উপস্থিত হোৱা বন বিভাগৰ কৰ্মীৰ গুলীত আহত হৈছিল স্থানীয় এজন যুৱক ৷

লগতে পঢ়ক : UPSC CSE Exam Results 2023 Declared : UPSCৰ পৰীক্ষাত জিলিকিল অসমৰ কেইবাগৰাকীও প্ৰাৰ্থী